ড্ৰাগছ সেৱন আৰু সৰবৰাহকাৰী ৰূপত তিনিচুকীয়াৰ অধিবক্তা
দুলীয়াজান আৰক্ষীৰ জালত অধিবক্তা সহ তিনি অভিযুক্ত
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ড্ৰাগছ সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা দুখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা ড্ৰাগছ সেৱন আৰু সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ।
শেহতীয়াকৈ দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী মাৰাথন অভিযানত জালত পৰিছে তিনিচুকীয়াৰ এগৰাকী অধিবক্তা । তিনিচুকীয়া আদালতত বিগত ছবছৰ ধৰি পেচাত অধিবক্তাৰূপে কৰ্মৰত ডিগবৈ বঙালী বালিজান গাঁৱৰ প্ৰয়াত নিৰ্মলচন্দ্ৰ বৰুৱাৰ পুত্ৰ সত্যেন্দ্ৰ বৰুৱা ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰী অভিযোগত দুলীয়াজান আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সেইদৰে অধিবক্তাজনৰ ঘৰৰ পৰা হেৰ’ইন ক্ৰয় কৰিবলৈ আহোঁতে হাতে-লোটে আৰক্ষীৰ হাতত ধৰা পৰে মাকুম বৰটৰানি গাঁৱৰ বিদেশ্বৰ মৰাণৰ পুত্ৰ বিতোপন মৰাণ। এইজন অভিযুক্তই ডিগবৈ থানাৰ এলেকাৰ মাকুমকে ধৰি বিভিন্ন প্ৰান্তৰলৈ হেৰ’ইন সৰবৰাহ কৰে বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে।
আনহাতে পূৰ্বে একেই অভিযোগত আটকাধীন দুলীয়াজান টিপলিং কৃষ্ণ নগৰৰ পৰমা বৰুৱাৰ পুত্ৰ ওমপ্ৰকাশ বৰুৱাৰ স্বীকাৰোক্তিতে দুলীয়াজান আৰক্ষীয়ে উক্ত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা লগতে অধিবক্তাজনৰ গৃহৰ পৰা ১.৮৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে।
লক্ষণীয় যে তিনিচুকীয়া উকীল সন্হাৰ সদস্য অধিবক্তাগৰাকী নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিৰ্লজ্জ ঘটনাত তিনিচুকীয়া উকীল সন্হাৰ লগতে বাৰ কাউঞ্চিল অৱ আসামে অধিবক্তা গৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। ইতিমধ্যে ধৃত তিনি অভিযুক্তক ভাৰতীয় দণ্ডবিধি আইনৰ ২২ (চি) এন ডি পি এছ এক্টৰ অধীনত দুলীয়াজান আৰক্ষী থানাত ২৬২ /২১ নম্বৰত এক গোচৰ ৰুজু কৰি কালি বৃহস্পতিবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ।