নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজেপিয়ে নোহোৱা কৰিলে অগপৰ প্রাসংগিকতা

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ অসম প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই তেজপুৰত শোণিতপুৰ জিলা কংগ্রেছৰ কার্যালয়ত সংবাদ মেলৰ আয়োজন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে বিজেপিক তীব্র সমালোচনা কৰে৷ সংবাদ মেলত কংগ্রেছ নেতা অপূর্ব ভট্টাচার্যই ‘কা’বিৰোধী সকলো শক্তি একত্রিত হৈ সমাগত বিধানসভা নির্বাচনত সাম্প্রদায়িক বিজেপি দলক শাসনৰ পৰা ডৎখাত কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে অসমৰ ডন্নয়ন আৰু পৰিৱর্তনৰ প্রতিশ্রুতিৰে শাসনৰ ভাৰ লোৱা বিজেপিয়ে বিগত চাৰে চাৰি বছৰীয়া কার্যকালত ডন্নয়নৰ নামত অসমৰ ৰাইজক চূডান্তভাৱে প্রতাৰণা আৰু প্রৱঞ্চনা কৰিলে৷ বিগত চাৰে চাৰি বছৰত অসমৰ ডন্নয়ন সাধন কৰিবলৈ বিজেপি দলে সময় নাপালে আৰু এতিয়া নির্বাচনমুখী ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰি পুনৰ ৰাইজক প্রতাৰণা কৰাত নামি পৰিছে৷ যিখন চৰকাৰৰ মুখ্যমন্ত্রীৰ কনভয়ৰ গাডীত তেল ভৰাবলৈ পইচা নাই সেইখন চৰকাৰে ৮৩০ নগদ ধনৰ অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰিছে৷ নির্বাচন চমু চাপি অহাৰ লগে লগেই বিজেপি চৰকাৰে থৰকাছুটি হেৰুৱাইছে আৰু ইয়াৰ লগতে গণভিত্তিও হেৰুৱাইছে৷

কংগ্রেছ নেতাগৰাকীয়ে সংবাদ মেলত লগতে কয় – গুৱাহাটী পৌৰ নিগমৰ নির্বাচন কিয় অনুষ্ঠিত কৰা নাই, নগৰ সমিতিৰ নির্বাচন কিয় অনুষ্ঠিত কৰা নাই৷ যদিহে সঁচাকৈ গণভিত্তি আছে, তেন্তে নির্বাচন অনুষ্ঠিত কৰক৷ একমাত্র নির্বাচনৰ মুখামুখি হোৱাৰ ভয়তে এবছৰলৈ নগৰ সমিতিৰ নির্বাচন পিছুৱাই দিছে৷ বিজেপি চৰকাৰে অসমৰ চাহশ্রমিকসকলকো বিভিন্ন ধৰণে প্রতাৰণা কৰি আহিছে৷ চাহ শ্রমিকসকলক ৩৫১ টকাৰ মজুৰি দিয়াৰ কথা ঘোষণা কৰিও অৱশেষত প্রতাৰণা কৰে৷ জাতি–মাটি আৰু ভেটিৰ কথা কৈ শাসনলৈ অহা সর্বানন্দ সোণোৱাল চৰকাৰখনে শপত গ্রহণ কৰিয়েই এন আৰ চি কার্যালয়লৈ গৈ এখন বিদেশীমুক্ত এন আৰ চি আমি প্রস্তুত কৰি ডলিয়াম বুলি ঘোষণা কৰিছিল৷ সেই অনুসৰি এন আৰ চিৰ চূডান্ত তালিকা ঘোষণা হোৱাৰ পিছত দেখা গ’ল প্রায় ঊনৈশ লাখ মানুহৰ নাম বাদ পৰিছে৷ বিদেশীৰ নাম বাদ পৰা হ’লে ক’বলগীয়া একো নাছিল৷ কিন্তু যি হিন্দু–বাঙালীৰ মানুহক আপোনালোকে নিৰাপত্তা আৰু মর্যাদা দিয়াৰ লগতে অধিকাৰ আৰু প্রাপ্য দিয়াৰ কথা কৈছিল৷ সেই হিন্দু–বাঙালী লোকে ডিটেনচন কেম্পত যি সময়ত আত্মহত্যা কৰিবলগীয়া হৈছে৷ স্বাধীনতাৰ পূর্বে দেশলৈ অহা আৰু লিগেল নথি–পত্র থকাৰ পাছতো এন আৰ চিত নাম লিপিবদ্ধ হোৱাৰ পৰা বঞ্চিত হোৱা লোকসকলৰ ক্ষেত্রত চৰকাৰখন এতিয়া নীৰৱ৷ ‘ডি’ ভোটাৰৰ ক্ষেত্রত চৰকাৰখনৰ কোনো স্পষ্ট মন্তব্য নাই৷

আনহাতে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নতুন দল গঠন সন্দর্ভত মুখপাত্র ভট্টাচার্যই কয়– সাম্প্রদায়িক দৃষ্টিভংগীৰে দেশৰ জনসাধাৰণৰ মাজত বিভাজন অনা আৰু ৰাজ্যৰ জনসাধাৰণক মেৰুকৰণ কৰা বিজেপিৰ দৃষ্টিভংগী আৰু কার্যকলাপত অতিষ্ট হৈ আছু আৰু এ জে ৱাই চি পি এয়ে পুনৰ এটা ৰাজনৈতিক শক্তি জন্ম দিবলগীয়া হোৱাটোৱেই বিজেপি দলৰ জাতি–মাটি–ভেটি ৰক্ষা কৰাৰ স্বৰূপ ওলাই পৰিছে৷ আমাৰ ইয়াত কোনো বিৰোধিতা আৰু প্রতিক্রিয়া প্রকাশ কৰিবলগীয়াও নাই, আমি আদৰণী জনাইছোঁ বিজেপি দলেহে বেছিকৈ প্রতিক্রিয়া প্রকাশ কৰিছে৷ এটা নতুন ৰাজনৈতিক শক্তি জন্ম হোৱাৰ লগে লগেই অসম গণ পৰিষদৰ প্রাসংগিকতা নাইকিয়া কৰি পেলালে৷ শোণিতপুৰ জিলা কংগ্রেছৰ কার্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যৰ লগতে জিলা কংগ্রেছৰ সভাপতি মাধুর্য গোস্বামী আৰু কেইবাগৰাকীও বিষয়ববীয়া ডপস্থিত থাকে৷

You might also like