নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰত আপত্তি নাই সাংসদ খালেকৰ

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  ‘আজমলৰ সভাখন যদি ৰাজনৈতিক সভা নাছিল, মাদ্রাছাৰ সভা আছিল, তেন্তে তাত আৰবী ভাষা ব্যৱহাৰ কৰাক লৈ আপত্তি নাই৷ উর্দু আৰু আৰবী ভাষাৰ বর্ণমালা প্রায় একেই৷ উর্দু ভাৰতীয় স্বীকৃত ভাষা৷’ –এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ৷ গোৱালপাৰ জিলা কংগ্রেছৰ কার্যালয়ত মঙলবাৰে জিলা কংগ্রেছ কমিটীৰ সংখ্যালঘু বিভাগৰ উদ্যোগত এখন বর্ধিত কার্যনির্বাহক আৰু কর্মীসভা অনুষ্ঠিত হয়৷ গোৱালপাৰা জিলা কংগ্রেছৰ সভাপতি আব্দুছ চামাদ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ আব্দুল খালেক, অসম প্রদেশ কংগ্রেছ কমিটীৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খান, পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক একে ৰছিদ আলম, পশ্চিম সমষ্টিৰ বিধায়ক একে ৰছিদ মণ্ডল আদিকে ধৰি ভালেসংখ্যক কংগ্রেছ নেতা৷ সভাৰ অন্তত সাংবাদিকৰ এক প্রশ্ণত সাংসদগৰাকীয়ে কয় যে আজমলৰ সভাখন যদি ৰাজনৈতিক সভা নাছিল, মাদ্রাছাৰ সভা আছিল, তেন্তে তাত আৰবী ভাষা ব্যৱহাৰ কৰাক লৈ আপত্তি নাই৷ যিহেতু উর্দু আৰু আৰবী ভাষাৰ বর্ণমালা প্রায় একেই৷ উর্দু ভাৰতীয় স্বীকৃত ভাষা৷ তেওঁ লগতে কয়– বিজেপিবিৰোধী সকলো আঞ্চলিক শক্তিক লৈ জোঁটবন্ধনৰ কথা চলি আছে৷ মোগলে ভাৰত ভাগ কৰা নাই৷ মোগলে ঘৃণাৰ ৰাজনীতিও কৰা নাই৷ আকবৰ, বাবৰে কেতিয়াও ঘৃৃণাৰ ৰাজনীতি কৰা নাছিল৷ অসমৰ ৰাইজে ধর্মনিৰপেক্ষতাক বিশ্বাস কৰে৷ ইয়াত সাম্প্রদায়িকতাৰ কোনো স্থান নাই৷ চৰকাৰী মাদ্রাছা বন্ধ কৰিলে খাৰিজা মাদ্রাছাৰ সংখ্যা বৃদ্ধি পাব৷ তেতিয়া দুটা শিক্ষা ব্যৱস্থাৰ মাজত পার্থক্য বাঢ়ি যাব৷ সকলো সম্প্রদায়ৰ বিকাশ হ’লেহে দেশ আগুৱাই যাব, উন্নত হ’ব৷ মাদ্রাছা বন্ধ কৰাৰো আমি ঘোৰ বিৰোধিতা কৰিছোঁ৷

You might also like