দুর্বৃত্তই ফালিলে ‘অজাপ’ৰ প্রার্থিত্বৰ দাবীদাৰৰ বিশাল হ’র্ডিং
মন্ত্রী পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰত প্রাক নির্বাচনী হিংসা
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ ২০২১ৰ বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰত প্রাক নির্বাচনী হিংসাই গা কৰি উঠিছে৷ ৰাজ্যজুৰি নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ উত্থানে শাসক–বিৰোধীৰ নিদ্রাহৰণ কৰাৰ সময়তে মন্ত্রী পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰৰ ঠায়ে ঠায়ে আঞ্চলিক দলটোৰ ভাবী প্রার্থী তথা দলটোৰ উপসভাপতি ড০ শিখৰ কুমাৰ শর্মাৰ বৃহৎ বৃহৎ হ’র্ডিং বেনাৰসমূহ কোনো দুর্বৃত্তই নিশাৰ ভাগত ফালি পেলায়৷ এই সন্দর্ভত দলটোৰ উপসভাপতি ড০ শিখৰ কুমাৰ শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয়– এইবিলাক অসামাজিক কার্যকলাপ৷ এনেবোৰ অসামাজিক কার্যকলাপে আমাক আগন্তুক সময়ত অধিক উৎসাহেৰে কাম কৰাৰ অনুপ্রেৰণা যোগাইছে৷ অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অভিযোগ কৰা মতে সমগ্র অসমৰ লগতে নলবাৰী জিলাতো অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ শাসক–বিৰোধী দলসমূহে এনে দুষ্কার্যত নামি পৰিছে৷ চাঞ্চল্যজনক এনে কার্যক অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ ক্ষিপ্র তদন্ত বিচাৰি উপায়ুক্তক আহ্বান জনায়৷