নগাঁৱৰ ননৈ পেট্ৰ’ল পাম্পত ১০৮ এম্বুলেন্সৰ চালকক প্ৰহাৰ ঘটনাত অভিযুক্ত এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ নগাঁও জিলাৰ ননৈৰ জাৰণিগাঁও পেট্ৰ’ল পাম্পত কালি মৃত্যুঞ্জয় ১০৮ এম্বুলেন্সৰ এজন চালকক প্ৰহাৰ কৰা ঘটণাৰ লগত জড়িত এজন লোকক আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ধৃত যুৱক জনৰ নাম চমীৰ খান। তেওঁৰ ঘৰ নগাঁও চহৰৰ ফৌজদাৰীপট্টিত। অৱশ্যে ঘটণাৰ লগত জড়িত আন দুজন লোক পলাতক অৱস্থাত আছে।
স্মৰ্তব্য যে, কালি সন্ধিয়া পেট্ৰল পাম্পটোত ১০৮ সেৱাৰ এ এছ ০১ এফ চি ১৪৩৪ নম্বৰৰ বাহনখন লৈ তেল ভৰাবলৈ গৈছিল মহচিন পাঠান নামৰ মৃত্যুঞ্জয় ১০৮ এম্বুলেন্সৰ চালক গৰাকী । কিন্তু এই চালক গৰাকীক সামান্য অজুহাততে এ এছ ০২টি ৪২৬৪ নম্বৰৰ আই টুৱেণ্টি বাহনখনত অহা তিনিজনকৈ যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰে । এই ঘটনা সন্দৰ্ভত মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স খনৰ প্ৰহৃত চালক জনে নগাঁও সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছিল ।