নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জ্ঞাপন

নিয়মীয়া বাৰ্তা,  ১ জুলাইঃ  অসম চাহ মজদুৰ সংঘৰ নিৰ্দেশ মৰ্মে অসমৰ সকলো চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী সকলক ক’ভিডৰ সময়ত আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুযায়ী অসম চাহ মজদুৰ সংঘৰ আমচৈ চাহ বাগিচা গোটেও শাখা সমিতিৰ কোষাধ্যক্ষ কৈলাশ তাঁতী, সভাপতি অনুত নায়ক আৰু সম্পাদক জয়ৰাম তাঁতীৰ পৰিচালনাত আমচৈ চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী সকলক বাগিচাখনৰ কাৰ্যালয় চৌহদত ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । সম্বৰ্ধিত সকলৰ ভিতৰত আছে ফাৰ্মাছিষ্ট ইছমাইল আলী, স্বাস্থ্য সহায়িকা সাধনা নায়ক, কুমাৰী তাঁতী ৰয়, সোমা তাঁতী, প্ৰতিমা না‌য়ক,কান্তনী তেলী,দিপালী তাঁতী, প্ৰমোদ নায়ক, নন্দলাল নায়ক আৰু বিজুলী তাঁতী তছা।

এই সম্বৰ্দ্ধনা আনুষ্ঠানত বাগিচাখনৰ পৰিচালক ওম প্ৰকাশ সিং আৰু প্ৰসাশনীয় পৰিচালক ভাগ্যধৰ তাঁতী । এই অনুষ্ঠানত পৰিচালক ওম প্ৰকাশ সিঙে বাগিচাখনৰ স্বাস্থ্য বিভাগৰ সকলো স্বাস্থ্য কৰ্মীকেই ক’ভিড কালীন সময়ত দিনে নিশাই কৰা স্বাস্থ্য সেৱাৰ বাবে ভূয়সী প্ৰশংসা কৰি কয় যে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবেই বাগিচাখনত ক’ভিডত এজন মানুহৰ ও মৃত্যু হোৱা নাই ।

উল্লেখ্য যে আমচৈ চাহ বাগিচা আৰু ইয়াৰ শাখা বালিকুচি চাহ বাগিচাত মুঠ ১৩৫ গৰাকীয়ে ক’ভিডত আক্ৰান্ত হৈছিল । এই স্বাস্থ্য কৰ্মী সকলৰ উৎকৃষ্ট সেৱাৰ বাবে প্ৰায় সকলো আক্ৰান্তই সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতি গৈছে । বৰ্তমান মাত্ৰ ১২ গৰাকী ক’ভিড আক্ৰান্ত চিকিৎসালয়খনৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসা ৰ বাবে আছে । এই স্বাস্থ্য কৰ্মী সকলৰ লগত প্ৰশাসনিক পৰিচালক ভাগ্যধৰ তাঁতীয়ে ও দিনে নিশাই সেৱা আগবঢ়ায় ।

You might also like