নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ‘মাছ’ৰ সন্ত্ৰাসবিৰোধী দিৱস

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাষ্ট্ৰযন্ত্ৰই সৃষ্টি কৰা সন্ত্ৰাসময় পৰিস্থিতিৰ গৰ্ভতে অসমত সন্ত্ৰাসবাদ আৰু মৌলবাদৰ উত্থান ঘটিছে। -এই মন্তব্য ‘মাছ’ৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামীৰ।

‘মাছ’-এ মৰিগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্ত্ৰাসবিৰোধী দিৱসৰ মুকলি সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি সন্ত্ৰাসবিৰোধী দিৱসৰ তাৎপৰ্য উল্লেখ কৰি কয়- ‘১৯৯০ চনৰ ২৭ নৱেম্বৰৰ দিনটোতেই অসমত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনক ভংগ কৰি দি মাজনিশা অগণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল আৰু অসমক অশান্ত অঞ্চল ঘোষণাৰে কুখ্যাত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বলৱৎ কৰি অঘোষিত ৰূপত সেনাৰাজ কায়েম কৰা হৈছিল।’

অসমৰ জাতি-জনগোষ্ঠীসমূহৰ ন্যায্য সংগ্ৰাম মষিমূৰ কৰিবলৈ অতি পৰিকল্পিতভাৱে প্ৰত্যক্ষ ৰূপত ৰাষ্ট্ৰসন্ত্ৰাস নমাই অনা দিন ধৰি নতুন নতুন ৰূপত বৌদ্ধিক সন্ত্ৰাস আৰু বিৰোধী কণ্ঠ ৰুদ্ধ কৰাৰ ন ন কৌশল অব্যাহত থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

‘মাছ’ৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত আৰু ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ললিত চন্দ্ৰ পাচনি, কৃষক সংঘৰ সমন্বয়ক তুলসী ডেকা,অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন দাস, ‘মাছ’ৰ উপদেষ্টা বৈকুণ্ঠ শইকীয়াই ভাষণ দি সভাখনত ‘মাছ’ৰ প্ৰচাৰ সচিব জিতুমণি নাথ, ‘মাছ’ৰ যোৰহাট জিলা সমিতিৰ আইন কোষৰ তত্ত্বাৱধায় ৰোবেইনা য়াচমিন আহমেদ, ‘মাছ’ৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক মাণিক নাথ, প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ কুমাৰ নাথকে আদি কৰি ‘মাছ’ৰ নগাঁও,মৰিগাঁও জিলা সমিতিৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে।

You might also like