নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSC ত পুনৰ অনিয়ম; অর্হতাক এলাগী কৰি মীন বিভাগত উপ–সঞ্চালক পদলৈ পদোন্নতিৰ যো–জা

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ অসম লোকসেৱা আয়োগ মানেই যেন সীমাহীন অনিয়মৰ অভিকেন্দ্র৷ কুখ্যাত ৰাকেশ পাল বাহিনীৰ অন্ধকাৰ যুগৰ অৱসান হোৱাৰ পিছতো এ পি এছ চিৰ সংস্কাৰ আৰম্ভ হ’বলৈ এতিয়াও বহু আলোকবর্ষ বাকী৷ শেহতীয়াকৈ গড়কাপ্টানী বিভাগকে ধৰি আন কেইবাটাও বিভাগৰ নিযুক্তিৰ ক্ষেত্রত এ পি এছ চিয়ে সকলো নীতি–নিয়ম জলাঞ্জলি দিয়াৰ তথ্য পোহৰলৈ আহিছিল৷

লোকসেৱা আয়োগৰ পৰা এই অভিযোগ সন্দর্ভত এতিয়ালৈকে কোনো সদুত্তৰ দিয়া হোৱা নাই৷ তাৰ মাজতে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ পদোন্নতিক কেন্দ্র কৰি আন এক অনিয়মৰ আখৰা চলিছে৷ অভিযোগ অনুসৰি মীন বিভাগৰ কেইবাগৰাকীও জিলা মীন উন্নয়ন বিষয়াক উপ–সঞ্চালক পদলৈ পদোন্নতি দিয়া হ’ব৷ পদোন্নতি প্রক্রিয়া পৰিচালনা কৰিব অসম লোকসেৱা আয়োগে৷ ইয়াৰ বাবে বাছনি সমিতি গঠন কৰা হৈছে আৰু কাইলৈ বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ পূর্বে এক গুৰুতৰ অভিসন্ধি ব্যাপক ৰূপত চর্চিত হৈছে৷

জানিব পৰা মতে লোকসেৱা আয়োগে পূর্বে বহু অভিযোগত অভিযুক্ত এজন অর্হতাহীন ব্যক্তিক উপ–সঞ্চালক পদলৈ পদোন্নতি দিয়াৰ পূর্ণোদ্যমে প্রস্তুতি চলাইছে৷ আছাম ফিছাৰী ৰেগুলেটৰী অর্ডাৰ, ১৯৮৯ অনুসৰি কোনো এগৰাকী মীন সম্প্রসাৰণ বিষয়াই মহকুমা মীন উন্নয়ন বিষয়ালৈ পদোন্নতি পাবলৈ হ’লে তেওঁ মীন বিজ্ঞান বিষয়ত কোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাটো বাঞ্ছনীয়৷ লগতে স্নাতকোত্তৰ পর্যায়ৰ প্রশিক্ষণো পাব লাগিব৷ তদুপৰি জিলা মীন উন্নয়ন বিষয়া আৰু তাৰ ওপৰৰ পদলৈ পদোন্নতি পাবলৈও উপৰিউক্ত অর্হতা থাকিবই লাগিব৷ কিন্তু বাছনি সমিতিৰ লগত সু–সম্পর্ক থাকিলে এনে বিধিগত অর্হতা, যোগ্যতা সকলো এলাগী হৈ পৰে৷ ৰজাঘৰৰ আশীর্বাদেই হৈ পৰে প্রার্থীৰ প্রয়োজনীয় সকলো অর্হতা৷ ডাঙৰ মানুহৰ আশীর্বাদ শিৰত লৈ ফুৰা মীন বিভাগৰ তেনে এগৰাকী হাইপ্রফাইল বিষয়া হৈছে গগন শর্মা৷ বিভাগটোৰ এজন অতি প্রভাৱশালী বিষয়া হিচাপে তেওঁ সকলোৰে মাজত পৰিচিত৷ কাৰণ প্রভাৱৰ বলতে অর্হতাবিহীন হৈও তেওঁ মহকুমা আৰু জিলা মীন উন্নয়ন বিষয়ালৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ নিজ গুণৰ বলতে ৰঙিয়াত কার্যনির্বাহ কৰি থকা সময়তো নিলম্বিত হ’বলগীয়া হৈছিল৷ মীন বিভাগৰ কালেক্টৰৰূপে পৰিচিত গগন শর্মাই এতিয়া সকলো প্রভাৱ খটুৱাই মীন বিভাগৰ উপ–সঞ্চালক পদলৈ পদোন্নতি ল’ব ওলাইছে৷ ইয়াৰ বাবে সকলো ব্লু–প্রিণ্ট ইতিমধ্যে প্রস্তুত কৰি তোলা হৈছে৷ অথচ ওপৰত উল্লেখ কৰা ধৰণৰ কোনো অর্হতাই গগন শর্মা নামৰ বিষয়াগৰাকীৰ নাই৷ মীন বিজ্ঞানৰ স্নাতক ডিগ্রী বা প্রয়োজনীয় তেনে ধৰণৰ অর্হতা নথকা বাবে ইতিমধ্যে চাৰিগৰাকী বিষয়াৰ নাম বাছনি তালিকাৰ পৰা বাদ দিয়া হৈছে৷ অথচ পূর্বে জালিয়াতিৰে দুটাকৈ পদোন্নতি লোৱা গগন শর্মা এইবাৰ মীন বিভাগৰ উপ–সঞ্চালক হ’বলৈ ওলাইছে৷ এই পদোন্নতি লাভ কৰিব বুলি তেওঁ নিজ মুখেৰেই যহাই ফুৰিছে৷ মীন বিভাগৰ পদোন্নতিৰ বাবে অসম লোকসেৱা আয়োগে যিখন বাছনি সমিতি গঠন কৰিছে, তাক লৈও বিৰূপ চর্চা আৰম্ভ হৈছে৷

কিয়নো বাছনি সমিতিখনৰ এগৰাকী অন্যতম সদস্য হৈছে ৰহাস্থিত মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ সাৰদাকান্ত ভাগৱতী৷ ড০ ভাগৱতী মহাবিদ্যালয়খনৰ কনিষ্ঠ অধ্যাপকসকলৰ ভিতৰত অন্যতম৷ জ্যেষ্ঠ অধ্যাপকক এলাগী কৰি কি অর্হতাৰ বলত তেওঁ বাছনি সমিতিৰ অন্তর্ভুক্ত হ’ল সেয়াও এক লাখটকীয়া প্রশ্ন হৈ পৰিছে৷ কিন্তু ড০ ভাগৱতী যে বাছনি সমিতিৰ অন্যতম ক্ষমতা শক্তিশালী ব্যক্তি, সেয়া তেওঁৰ কথা–বতৰাৰ পৰা স্পষ্ট হৈ পৰিছে৷ ড০ সাৰদাকান্ত ভাগৱতীয়ে ইতিমধ্যে কেইবাজনো প্রার্থীক পদোন্নতি দিব বুলি প্রতিশ্রুতি দিয়াৰ বিষয়টো সর্বত্র চর্চিত হৈছে৷ ড০ ভাগৱতীৰ গুডলিষ্টত গগন শর্মা নামৰ বিষয়াগৰাকীৰ নামো অন্তর্ভুক্ত হৈ আছে৷ পূর্বতে ৰাজহুৱা অভিযোগৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ ককর্থনাৰ সন্মুখীন হোৱা গগন শর্মাই অর্হতাহীন হৈও মীন বিভাগৰ উপ–সঞ্চালক পদলৈ পদোন্নতি লাভ কৰাটো আজিৰ দিনটোত প্রায় নিশ্চিত হৈ পৰিছে৷ বাছনি পৰীক্ষাৰ পূর্বে ফলাফল ৰাজহুৱা হৈ পৰা মীন বিভাগৰ পদোন্নতিৰ বিষয়টোক অসম লোকসেৱা আয়োগৰ নৱনির্বাচিত অধ্যক্ষ পল্লৱ ভট্টাচার্যই কিদৰে গ্রহণ কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব৷ আনহাতে এই গুৰুত্বপূর্ণ বিষয়টো ৰাজ্য চৰকাৰৰ মীনমন্ত্রীৰ দৃষ্টিগোচৰ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷

You might also like