নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানত মৃত্যুৰ কিৰিলি! অৰ্ণৱৰ পিতৃৰ পত্ৰ অইল অধ্যক্ষলৈ

তান্ত্ৰিক নিৰ্ভৰ নৱৰত্ন কোম্পানী অইলৰ ওপৰত আস্থা হেৰুৱাইছে বাঘজানবাসীয়ে

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ দেশ কঁ‌পাই যোৱা বাঘজান কাণ্ডৰ পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ৰ মুখ্য বিচাৰপীঠৰ দ্বাৰা গঠিত তদন্ত কমিটীৰ প্ৰতিবেদনৰ বাদে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্ত সমিতিসমূহৰ প্ৰতিবেদন আজিও প্ৰকাশ নাপালে। উল্লেখ্য যে এইচ্ এম্ পি- ১৯/৫০/২০২০- পি অ’ আই (এ)/৪ (১২জুন) নং জাননী যোগে (বিজ্ঞাপন) বাঘজান ৰিগ নম্বৰ ৫ ত গেছ- তেল নিৰ্গমণ আৰু অগ্নিকাণ্ডৰ কাৰণ, কি পৰিস্থিতিত তেনে ঘটনাৰ সূত্ৰপাত হ’বলৈ পালে, তাৰ বাবে দায়বদ্ধ কোন আৰু ভৱিষ্যতে যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি পা- পৰামৰ্শ আদি গ্ৰহণৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক লৈ এখন এজনীয়া তদন্ত সমিতি গঠন কৰাৰ উপৰি এফ্ আৰ্ ডব্লিউ ৬/২০২০/১ নং জাননী(বিজ্ঞাপন) যোগে পৰিৱেশ সম্পৰ্কীয় দিশসমূহ চোৱাচিতাৰ বাবে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম্ কে য়াদৱক লৈ আন এখন এজনীয়া তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল।

সুকীয়া সুকীয়া বিজ্ঞাপন দুটাত কোৱা হৈছিল যে এজনীয়া তদন্ত সমিতি দুখনৰ বিষয়া দুগৰাকীয়ে তিনিচুকীয়াৰ আৱৰ্ত ভৱনৰ ৮ নং কক্ষত বাহৰ পাতি থাকি পুৱা ১১ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে ভূক্তভোগী কিম্বা ঘটনা সন্দৰ্ত কোনো তথ্য দিব বিচৰা সকলৰ সাক্ষ গ্ৰহণ কৰিব কিম্বা ই- মেইল আৰু পত্ৰ যোগে তথ্য, ফটো কিম্বা প্ৰাসঙ্গিক খবৰৰ যোগান ধৰিব পাৰিব। এই দুয়োখন সমিতিৰ সাক্ষ গ্ৰহণৰ শেষ সীমা আছিল ২৪ জুন, ২০২০ তাৰিখ। কিন্তু এতিয়া সততে উঠা প্ৰশ্নটো হ’ল এমাহৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লগা সমিতি দুখনৰ তদন্ত আজি প্ৰায় আঢ়ৈমাহ অতিক্ৰমৰ পাছতো ৰাজহুৱা নহ’ল কিয়? কেৱল তদন্তৰ নামত সমিতি গঠন কৰিয়েই দায়িত্ব সামৰিকে নেকি উৰ্ধতন কৰ্তৃপক্ষই? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৫ জুন তাৰিখে উত্তৰ- পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকো গুৱাহাটীৰ আই আই টিৰ সহযোগত কেতবোৰ বিশেষ দিশ চোৱাচিতা কৰিবৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছিল। একেদৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে অইল ইণ্ডিয়া আৰু অ’ এন্ জি চিৰ পূৰ্বৰ শীৰ্ষ বিষয়া বিকাশ চন্দ্ৰ বৰা, তাপস কুমাৰ সেনগুপ্ত আৰু পেট্ৰ’লিয়াম আৰু হাইড্ৰ কাৰ্বনৰ সঞ্চালক প্ৰধান সুভাষ চন্দ্ৰ লাল দাসক লৈ এখন তিনিজনীয়া উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰি দিছিল। এই সমিতিখনে ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ’ (এছ্ অ’ পি) কাৰ্যকৰী হৈছিলনে নাই আদি দিশৰ ওপৰতো নজৰ দিয়াৰ কথা উল্লেখ কৰিছিল। কেৱল সিমানেই নহয়, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ অধীনস্থ ডাইৰ’ক্টৰেট জেনেৰেল অব মাইনছ্ এণ্ড ছেফটী (ডি জি এম্ এছ)ৰ ওপৰতো তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। একেদৰে কোম্পানী কৰ্তৃপক্ষই ‘অইল ইণ্ডাষ্ট্ৰী ছেফটী ডিৰেক্টৰেট’ (অ’ আই এছ্ ডি)ৰ ৩৮ জনীয়া সদস্যৰ প্ৰধান তালিকা (প্ৰিঞ্চিপাল পেনেলিষ্ট) খনৰে ৫ গৰাকী বিষয়াক লৈ এখন তদন্ত সমিতি গঠন কৰি দিছিল। কিন্তু ইমানবোৰ তদন্ত সমিতিয়ে তদন্ত কৰি কি পালে, নে তদন্ত কেৱল কাগজতে সীমাবদ্ধ থাকিল সেয়া ৰহস্যৰ আৱৰ্তত।

ইফালে আজিৰ বিশ্বায়নৰ যুগতো অইলৰ দৰে এটা ভাৰত চৰকাৰৰ সংস্থাই সম্পূৰ্ণ নিজৰ উদ্যোগত ঘটনাস্থলীৰ সমীপত মনসা পূজা পতা, উত্তৰ প্ৰদেশৰ পৰা তান্ত্ৰিক আনি মুখ থেকেচা খোৱা আদি তৰল কাৰ্যক্ৰণিকাত অতিষ্ঠ হৈ পৰিছে বাঘজানবাসী। মৃত্যুৰ কিৰিলিয়ে সন্ত্ৰসিত কৰি তুলিছে বাঘজানবাসীক। অইলৰ হেমাহিৰ বাবেই যোৱা ৯ জুন তাৰিখে সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলত সলীল সমাধি ঘটি দুই অইল কৰ্মচাৰী ক্ৰমে দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁইৰ মৃত্যুৰ পাছতে অনিশ্চিত ভৱিষ্যতৰ আশংকাত আত্মহননৰ পথ বাছি লৈছিল বাঘজানৰ শুক্লেশ্বৰ নেওগে। তাৰ পাছতেই কৰ্মৰত অৱস্থাত জ্যেষ্ঠ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যুৰ পাছত চতুৰ্থজনলৈ বৃদ্ধি পায় অভিশপ্ত বাঘজান ৰিগ ৫ -এ নৰবলি লোৱাৰ সংখ্যা। এতিয়া অৰ্ণৱৰ পিতৃ বিজিত কুমাৰ বৰদলৈয়ে অইলক উভতি ধৰিছে।তেওঁ উত্থাপন কৰা ৬ টা প্ৰশ্নৰ সদুত্তৰ নাপালে কোম্পানীৰ বিৰুদ্ধে মৰণপন যুঁ‌জ দি যাব বুলিও দৃঢ়তাৰে উল্লেখ কৰিছে। বিজিত বৰদলৈয়ে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকলৈ লিখা এক পত্ৰ যোগে কামৰ সময় আৰু উদ্দেশ্যসহ চি চি টি ভিৰ ফুটেজ বিচাৰি কি পৰিস্থিতিত এজন ডেকা অভিযন্তাক বিপদসংকুল স্থানলৈ অকলশৰীয়াকৈ পঠোৱা হ’ল বুলি প্ৰশ্ন কৰিছে। অন্য জ্যেষ্ঠ অভিযন্তাই তেনেধৰণৰ কামত নিযুক্ত হৈছেনে বুলিও প্ৰশ্ন কৰিছে। তেওঁৰ মোবাইল ফোনটোৰ বিষয়ে কি কব বুলি প্ৰশ্ন কৰি প্ৰৱেশ দ্বাৰত ৰখা ফোনটো কি পৰিস্থিতিত কৰ্মস্থলী পালেগৈ আৰু কেনেকৈ নষ্ট হ’ল বা জ্বলিবলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। পৰিয়ালৰ লোকক অন্যান্য সামগ্ৰীৰ সতে অৰ্ণৱৰ ফোনটো কিয় চমজাই দিয়া নহ’ল তাৰো উত্তৰ বিচাৰিছে।

অৰ্ণৱ পিতৃৰ প্ৰশ্নযদি অইলৰ কামৰ এছ অ’ পি কিম্বা সুৰক্ষা সম্পৰ্কীয় কৰ্মনিৰ্দেশনা আছিল, সেই সন্দৰ্ভত তেওঁক পথনিৰ্দেশনা (গাইড) দিয়া হৈছিলনে? মৃত্যুৰ কাৰণ কি আৰু কি পৰিস্থিতিত তেওঁক আগবঢ়াই দিয়া হ’ল তেনে এক চূড়ান্ত পৰ্যায়লৈ? যদি তেওঁক অচেতন অৱস্থাত ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছিল, কিমান সময় ধৰি অচেতন আৰু অৱহেলাত পৰি থাকিল? সিদিনা অৰ্ণৱে এটা ‘প্ৰেজেনটেচন’ দিব লগা আছিল। তেনেস্থলত তেওঁক কিয় ঘটনাস্থলীলৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল? তেওঁক হেঁচা প্ৰয়োগ কৰি পঠোৱা হৈছিল নেকি? ইত্যাদি প্ৰশ্নসমূহৰ সদুত্তৰ অইলে কি দৰে দিয়ে সেয়া লক্ষণীয় হ’ব। তাৎপৰ্য বিষয় যে ক’ৰ্পৰেট এফেয়াৰ্ছৰ চি জি এম দিলীপ ভূঞাক আহ্বায়ক হিচাপে লৈ, ডি জি এম (ড্ৰিলিং) জয়ন্ত কলিতা, ডি জি এম (ইলেকট্ৰিকেল) দীপক কুমাৰ দাস আৰু ছেফটী বিভাগৰ ডি জি এম ৰূপম থাকেৰেক লৈ যোৱা ৯ ছেপ্টেম্বৰ তাৰিখে বাঘজান কাণ্ডত নিহত জ্যেষ্ঠ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত সমিতি গঠন কৰি দিছে।

You might also like