জাগীৰোডৰ শিল ভাঙাত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় চলোৱা পতি-পত্নীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ অবৈধ ড্ৰাগছ আৰু অন্যান্য অসামাজিক কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা অভিজানকাৰী দলে কালি পুৱতিনিশা গোপন খবৰৰ ভিত্তিত জাগীৰোডৰ কুখ্যাত শিল ভাঙাত অতৰ্কিতে অভিযান চলাই আব্দুল কাচেমৰ ঘৰত।
উক্ত লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৮৮ টা নিষিদ্ধ হেৰ’ইন কনটেইনাৰ আৰু নগদ ১ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে ঘটনাস্থলীত হেৰ’ইন পেকেট বনাই থকা অৱস্থাত আব্দুল কাচেমৰ পত্নী ফাতেমা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুই স্বামী-স্ত্ৰীৰ জিম্মা পৰা মন্দিৰৰ চুৰি সামগ্ৰী, পিতলৰ মূৰ্তি আৰু জাগীৰোড পেপাৰ মিলৰ পৰা চুৰি হোৱা কিছু ইলেকট্ৰনিক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।