নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত উজনিৰ ম’ষ্ট ৱাণ্টেড গৰুচোৰ ৰাতুল বৰা

নিয়মীয়া বাৰ্তা, ২০ জুনঃ উজনি অসমৰ পাঁচ জিলা শিৱসাগৰ, ডিব্রুগড়, তিনিচুকীয়া, যোৰহাট আৰু চৰাইদেউত গৰু চুৰিৰে কৃষক ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি অহা ম’ষ্ট ৱাণ্টেড গৰুচোৰ ৰাতুল বৰা অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল৷ উজনিত আতংক সৃষ্টি কৰা গৰুচোৰ চক্রৰ মাষ্টাৰ মাইণ্ডজনক শিৱসাগৰ আৰক্ষীৰ এটা দলে মাজনিশা অভিযান চলাই তিনিচুকীয়া জিলাৰ ডুমডুমাত কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ এটা দলে কালি নিশা এক গোপন সূত্রৰ পম খেদি ডুমডুমা আৰক্ষী থানাৰ অন্তর্গত কলিয়াপানী চাৰিআলিৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত এই গৰুচোৰৰ মাষ্টাৰ মাইণ্ডটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে এটা সপ্তাহ পূর্বে সদৰ আৰক্ষী থানাৰ অন্তর্গত বণিয়াবাৰীৰ দৰিকা দলঙৰ সমীপত সন্দেহজনক আর্টিকা গাডীত অহা গৰুচোৰৰ এটা দলৰ সৈতে আৰক্ষীৰ ভেটাভেটি হৈছিল৷ সান্ধ্য আইন বলৱৎ থকাৰ পাছতো সন্দেহজনকভাৱে চলা–ফিৰা কৰি থকা এ এছ–০১ এম এ–৮৬৪০ নম্বৰৰ বিলাসী আর্টিকা গাডীখন খেদি খেদি আৰক্ষীয়ে কৰায়ত্ত কৰাৰ চেষ্টা কৰিছিল যদিও দৰিকা দলঙৰ ওপৰতেই আর্টিকা গাডীখন এৰি গাডীখনত থকা তিনিজনীয়া গভাইত চোৰৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হৈছিল৷ আৰক্ষীয়ে চোৰৰ দলটোৱে এৰি থৈ যোৱা গাডীখনৰ পৰা এটা ম’বাইল ফোন, কেতবোৰ আপত্তিজনক সামগ্রী আৰু এটা মৃত গৰু উদ্ধাৰ কৰিছিল৷ শিৱসাগৰ আৰক্ষীয়ে গাডীখনত উদ্ধাৰ কৰা ম’বাইল ফোনটোত সংৰক্ষিত তথ্যৰ ভিত্তিৰ পৰা অভিযান আৰম্ভ কৰিছিল৷ গুৱাহাটী নিৱাসী ৰৌণক শ্বাহ নামৰ ব্যক্তিজনৰ নামত পঞ্জীয়ন হৈ থকা আর্টিকা গাডীখন কিছুদিন পূর্বে তিনিচুকীয়া নিৱাসী এজন ব্যক্তিক মাহেকীয়া ৩০ হাজাৰ টকা কিস্তিৰ ভিত্তিত বিক্রী কৰাৰ তথ্য আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহাৰ পাছতেই অভিযান তীব্রতৰ কৰি তুলিছিল যদিও বাৰে বাৰে আৰক্ষীৰ অভিযানৰ পূর্বে আত্মগোপনস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল চোৰৰ দলটো৷

শেহতীয়াকৈ লাভ কৰা ম’বাইল ফোনৰ টাৱাৰ লোকেচনৰ ভিত্তিত ডুমডুমাৰ কলিয়াপানী চাৰিআলিৰ এটা ঘৰত আত্মগোপন কৰি থকাৰ পৰা ৰাতুল বৰা নামৰ গৰুচোৰ চক্রৰ মাষ্টাৰ মাইণ্ডটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে বিগত বর্ষত চৰাইদেউ জিলাত গৰু চুৰি কার্যত হাতে–লোটে ধৰা পৰা এই গভাইত চোৰটোৱে জে’লৰ পৰা ওলায়ে আৰম্ভ কৰিছিল প্রৱঞ্চনাৰ বেহা৷ ফিল’বাৰীৰ ৰূপজান গাঁৱত প্রৱঞ্চনাৰ বাবে থাকিব নোৱাৰা ৰাতুল বৰাই ডুমডুমাৰ কলিয়াপানী চাৰিআলিৰ আত্মীয়ৰ ঘৰত থাকিয়েই আৰম্ভ কৰিছিল প্রৱঞ্চনাৰ সমান্তৰালভাৱে গৰু চুৰি৷ উজনিৰ কেইবাখনো থানাত মুঠ ৮টাকৈ গোচৰ পঞ্জীয়ন হৈ থকা ৰাতুল বৰাই গুৱাহাটীৰ ৰৌণক শ্বাহৰ পৰা ক্রয় কৰা আর্টিকা বাহনখনেৰে বিগত ৪ জুনৰ পৰা ৯ জুনৰ ভিতৰত শিৱসাগৰৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ আৰু চেৰেকাপাৰৰ পৰা মুঠ ৪টাকৈ গৰু চুৰি কৰি নিবলৈ সক্ষম হৈছিল যদিও পঞ্চমটো গৰু চুৰি কৰি পলায়নৰ চেষ্টা চলাওঁতেই ৯ জুনৰ নিশা আৰক্ষীৰ সৈতে ভেটাভেটি হৈছিল৷

আর্টিকাখনৰ চালকৰ আসনত নিজে বহা ৰাতুল বৰাৰ সৈতে ৯ জুনৰ নিশা আৰু দুটা গভাইত গৰুচোৰ লগত আছিল৷ ঘটনা সংঘটিত হোৱাৰ সময়তেই ৰাতুল বৰাই গাডীৰ পৰা নামি দৰিকা নদী সাঁতুৰি পাৰ হৈ নদীৰ পাৰে পাৰে খোজেৰে আহি পুৱতিনিশা পাঁচমান বজাত লাচিত কলেজৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত উঠিছিল৷ ইয়াৰ পৰাই পোনে পোনে ডিব্রুগডত আত্মগোপন কৰি থকা ৰাতুল বৰাই পৰহিহে পুনৰ ডুমডুমালৈ উভতি গৈছিল৷

ইতিমধ্যে আৰক্ষীৰ জেৰাত ইটোৰ পাছত সিটো গুৰুত্বপূর্ণ তথ্য ফাদিল কৰা ৰাতুল বৰাই দুই সহযোগীৰ নাম প্রকাশ কৰিছে যদিও এই মুহূর্তলৈকে মধ্য অসমৰ দুয়োটা গৰুচোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷ সঘনাই ডুমডুমাৰ আজাদ নগৰ, ফিল’বাৰী, কলিয়াপানী চাৰিআলিত চোং সলাই ফুৰা গৰুচোৰ ৰাতুল বাহিনীয়ে দৈনিক চুৰি কৰা গৰুসমূহ লাহোৱালৰ এক নির্দিষ্ট স্থানত বিক্রী কৰাৰ তথ্যও পোহৰলৈ আহিছে৷

আনহাতে, আৰক্ষীৰ শেহতীয়া অভিযানত ৰাতুল বাহিনীৰ সৈতে সহযোগ কৰা শিৱসাগৰ সদৰ থানাৰ অর্ন্তগত আন এটা গৰুচোৰৰ এখন বাইক জব্দ কৰিছে যদিও গভাইত চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like