নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়া সমষ্টিৰ ১০ টা নামঘৰলৈ অসম দৰ্শন আচনিৰ ২৫ লাখ টকা প্ৰদান বিধায়ক পদ্ম হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৯ মে’: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কালি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অসম দৰ্শন আঁচনিৰ জৰিয়তে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ১০ টা নামঘৰ বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰিবৰ বাবে অসম দৰ্শন আঁচনিৰ অধিনত আঢ়ৈ লাখ টকাকৈ সৰ্বমুঠ ২৫ লাখ টকাৰ নগদ ধন প্ৰদান কৰে । বিধায়কগৰাকীয়ে কয় যে – “অসম দৰ্শন আঁচনিৰ জৰিয়তে যি সকল ৰাইজে  নামঘৰসমুহৰ গৃহ নিৰ্মাণৰ বাবে আবন্টিত ধন লৈছে তেওঁলোকে যেন বিজ্ঞান সন্মতভাবে আটকধুনীয়াকৈ নামঘৰ সমুহৰ গৃহ নিৰ্মাণ কৰি লয়৷ বিধায়ক গৰাকীয়ে কয় যে নামঘৰ সমুহ হৈছে আমাৰ আধ্যাত্মিক চিন্তা আৰু কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷অসমীয়া সমাজ জীৱনৰ চালিকা শক্তি স্বৰূপ এই নামঘৰ সমুহতেই ঈশ্বৰৰ গুনানুকীৰ্তন-শ্ৰৱণকীৰ্তন হৈ ভক্তিৰস গুঞ্জড়িত হয়৷অসমী আইৰ পবিত্ৰ ভূমিৰ আধ্যাত্মিক পিঠস্থান সমুহলৈ চৰকাৰৰ আৰ্থিক অনুদান তথা সশ্ৰদ্ধ সহযোগীতাৰ লগতে সংস্কৃতি আধ্যাত্মিকতা আৰু পৰ্যটন ক্ষেত্ৰলৈ এক অনুভবী সংযোজন এক অভিলাষী আঁচনী হৈছে এই “অসম দৰ্শন আঁচনি”৷ এই আঁচনিৰ অধিনত কালি নদুৱাৰ উন্নয়ন খণ্ডৰ অধিনৰ উত্তৰ জামুগুৰি আঞ্চলিক নামঘৰ, উজৰাচুক নামঘৰ,চেচাসত্ৰ নামঘৰ,বাঁহবাৰী সত্ৰ নামঘৰ,শেনচোৱা নামঘৰ,বনীয়াচুবুৰী নামঘৰ,জামুগুৰি আঞ্চলিক সত্ৰ নামঘৰ, ৰাভাগাঁও নামঘৰকে ধৰি চতিয়া সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ সৰ্ব্বমূঠ ২৫ লাখ  টকা  নগদ ধন বিতৰন কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷অসম দৰ্শন আচঁনিৰ ধন বিতৰণ অনুষ্ঠানটিত  নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি, নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, নৱ নিযুক্ত পৌৰপতি পল্লবীতা শৰ্মা মহন্ত,উপ পৌৰপতি অঞ্জন কলিতাকে ধৰি বহুকেইগৰকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷
You might also like