নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠখেলীয়া নামঘৰত মন্ত্ৰী অজন্তা নেওগ : ‘অসম দৰ্শন’ আঁচনিৰ বিশুদ্ধ খোৱাপানী প্ৰকল্প উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি দুপৰীয়া অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনৰ এটা দহ লাখ টকীয়া বিশুদ্ধ খোৱাপানী প্ৰকল্পৰ ফিটা কাটি শুভ উদ্ধোধন কৰে বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। নামঘৰলৈ আগমন ঘটা ভকত-বৈষ্ণৱৰ সুবিধাৰ্থে শুভ উদ্বোধন কৰা এই বৃহৎ প্ৰকল্পটোৱে খোৱাপানীৰ ক্ষেত্ৰত নামঘৰৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলালে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুপৰীয়া মন্ত্ৰী অজন্তা নেওগ আঠখেলীয়া নামঘৰত উপস্থিত হৈ প্ৰথমে ভগৱানৰ ওচৰত আশীষ গ্ৰহণ কৰে। ইয়াৰ পিছতে প্ৰকল্পটোৰ উদ্বোধন কৰি নামঘৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয়তে অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে। নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক মুকুল বৰাকে ধৰি বহু সংখ্যক সচেতন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে ফুলাম গামোচা, শৰাই, কীৰ্তন আদিৰে মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আঠখেলীয়া নামঘৰলৈ অহা ভকত-বৈষ্ণৱৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটো আজি উদ্বোধন হোৱা প্ৰকল্পটোৱে অন্ত পেলাব বুলি উল্লেখ কৰি আৰু কয় যে এই প্ৰকল্পটো উদ্বোধন কৰিবলৈ পাই তেওঁ অত্যন্ত আনন্দিত। প্ৰায় ৫৫০ বছৰ আগতে গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেয়ে গুৰুজনাক আমি সেৱা জনাইছোঁ। গুৰুজনাক আমি সমগ্ৰ বিশ্বতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like