বিধানসভা নির্বাচনৰ পিছতে খেলা খতম নতুন দলৰ: অতুল বৰা
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনৰ তৎপৰতাৰ মাজতে নতুন আঞ্চলিক ৰাজনৈতিক দল পুনৰ অগপ–বিজেপিৰ টার্গেট হৈ পৰিছে৷ শেহতীয়াকৈ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদ (অজাপ)ক সুলেখা–সুৰেখা চিয়াঁহীৰ লগত তুলনা কৰি অগপৰ সভাপতি অতুল বৰাই সমালোচনা কৰাৰ পিছত পুনৰ অজাপক লক্ষ্য কৰি শনিবাৰে কটাক্ষ কৰে৷ মন্ত্রীগৰাকীয়ে অজাপক লক্ষ্য কৰি কয়– নতুন দলৰ আয়ুস মাত্র ২০২১ চনৰ নির্বাচনলৈহে৷ নির্বাচনৰ পিছত খেল খতম৷ যিদৰে সুলেখা চিযঁাহীক নকল কৰি সুৰেখা চিযঁাহী বজাৰত ওলাইছিল, কিন্তু সুৰেখা চিযঁাহী নচলিল ঠিক তেনেদৰে নতুন দলৰ অৱস্থাও সুৰেখা চিয়াঁহীৰ দৰে একেই হ’ব৷ আনহাতে, নতুন দল সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– দল গঠন কৰি সফল হ’ব নোৱাৰে৷ আছুৰ দৰে সংগঠনত থাকি ৰাজনৈতিক দলৰ কথা ক’ব নালাগে৷ দৰাচলতে সংগঠন নকৰাকৈ এওঁলোকে ৰাজনীতি কৰি আছে৷ ৰাজনৈতিক দল গঠন কৰি গণতন্ত্র সফল কৰক, তাত আমাৰ আপত্তি নাই৷ কিন্তু এই নতুন দলে বিজেপিৰ তিলমাত্রও ক্ষতি কৰিব নোৱাৰে, এটা ভোটো নষ্ট কৰিব নোৱাৰে৷ কিয়নো আমাৰ ৪২ লাখ কার্যকর্তা আছে, ৩.২০ লাখ পৃষ্ঠা প্রমুখ আছে৷ একেবাৰে শিপালৈ থকা সংগঠন বিজেপি৷ তাৰ বিপৰীতে সাগৰৰ ওপৰৰ ঢ়ৌৰ দৰে নতুন ৰাজনৈতিক দল৷ বিজেপি সাগৰৰ তলিৰ নিৰৱচ্ছিন্ন ঢ়ৌ৷ গতিকে নতুন ৰাজনৈতিক দলে বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে৷
ইফালে, ৰাইজৰ দল গঠন কৰা কৃষক মুক্তি সংগ্রাম সমিতিক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয়– কৃষক মুক্তিয়ে কিমানজন কৃষকৰ ঘৰলৈ গৈছে, কিমানজন কৃষকক উপকৃত কৰিছে? তাৰ বিপৰীতে বিজেপিৰ কিষাণ মর্চাই প্রতিগৰাকী কৃষকৰ ওচৰলৈ গৈছে, কৃষক সমস্যাৰ খবৰ লৈছে৷ গতিকে ৰাজনৈতিক দল গঠন কৰিলেই সফল হ’ব নোৱাৰি৷ তেওঁলোকৰ লগত যদি ৭০টা সংগঠন আছে, তেন্তে বিজেপিৰ লগত ২৮ হাজাৰ সংগঠন আছে৷ ২৮ হাজাৰ সংগঠন মানে আমাৰ ২৮ হাজাৰ বুথ আছে৷ তেওঁলোকৰ ৭০টা সংগঠনতকৈ আমাৰ বুথ বেছি শক্তিশালী৷ নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক লৈ চলি থকা সমালোচনাৰ মাজতে আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিৰোধী কংগ্রেছক লৈ সৰৱ হৈ পৰে৷ ৰঙিয়াত বিজেপিৰ কিষাণ মর্চাৰ ৰাজ্যিক কার্যনির্বাহকত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালৰ মন্তব্য– ৬০ বছৰৰ অধিক সময় ধৰি দিল্লী–দিছপুৰৰ শাসনত থকা কংগ্রেছে বৰাক–ব্রহ্মপুত্রৰ খিলঞ্জীয়া লোকৰ বাবে একো নকৰিলে৷ মাটিৰ পট্টা দিব নোৱাৰিলে৷ কংগ্রেছৰ নৈতিক অধিকাৰ নাই৷ কংগ্রেছে কেৱল অবৈধ সন্দেহযুক্ত বিদেশীক মাটি পট্টা দিলে৷ কিন্তু বিজেপিয়ে সংকল্প লৈছে এনে অবৈধ দখল সকলোবোৰ মুক্ত কৰিব৷