নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট শিক্ষাবিদ,সমাজ সংগঠক,অসমীয়া শিখ সমাজৰ বটবৃক্ষ,অসম সাহিত্য সভাৰ আজীৱন সভ্য,বিশিষ্ট নাট্যকাৰ অৱতাৰ সিংৰ পিতৃ, প্ৰিতম সিংৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

নিয়মীয়া বাৰ্তা   ২৮ ডিচেম্বৰঃ নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বৰক’লা গাঁৱৰ সুসন্তান,বিশিষ্ট শিক্ষাবিদ,নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,সমাজ সংগঠক,অসমীয়া শিখ সমাজৰ বটবৃক্ষ,অসম সাহিত্য সভাৰ আজীৱন সভ্য,বিশিষ্ট নাট্যকাৰ অৱতাৰ সিংৰ পিতৃ, প্ৰিতম সিংৰ ৰাজহুৱা স্মৃতিচাৰণ সভাখনি আজি নগাঁৱৰ গুৰুদ্বাৰত অনুষ্ঠিত হয় ৷ নগাঁও গুৰুদ্বাৰৰ সম্পাদক হৰভজন সিঙে আতধঁৰা প্ৰয়াত প্ৰিতম সিংৰ স্মৃতিচাৰণ সভাখনিত অসম সাহিত্য সভাৰ আজীৱন সভ্য,আনন্দৰাম ঢেকিয়া ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,বিশিষ্ট নাট্যকাৰ অৱতাৰ সিংৰ পিতৃ,অসমীয়া শিখ সমাজৰ সভাপতি,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিকে ধৰি বৰক’লা আৰু নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত উতঃপুতঃ ভাৱে জড়িত হৈ থকা এগৰাকী পুৰুধা ব্যক্তি প্ৰিতম সিংৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংৰ সম্পাদনাত শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ খনি উন্মোচন কৰে নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী দেৱেন্দ্ৰ সিঙে ৷

শ্ৰদ্বাৰ্ঘ্য গ্ৰন্থখনি উন্মোচন কৰি নিজৰ ভাষণ প্ৰসংগত কয় যে অসমীয়া শিখ সমাজৰ বটবৃক্ষ স্বৰূপ প্ৰয়াত প্ৰিতম সিঙে অসমীয়া শিখ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰাৰ ওপৰিও তেওঁ বৰক’লা,দক্ষিণপাট আৰু নগাঁও জিলাৰ বিভিন্ন শৈক্ষিক,সাংস্কৃতিক,সামাজিক,ধৰ্মীয় প্ৰেক্ষাপটত প্ৰত্যক্ষ ভাৱে জড়িত হৈ সমাজৰ কল্যাণৰ হকে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছিল ৷ তেওঁ আৰু কয় যে মৃত্যুৰ কোনো নিদিষ্ট বয়স নাই,মৃত্যুৰ কোনো নিদিষ্ট সময় নাই ৷ মৃত্যু কাৰ জীৱনত কেতিয়া আহে কোনেও কৱ নোৱাৰে ৷ স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত প্ৰিতম সিংৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শিক্ষাবিদ গুৰুমুখ সিং,সমাজকৰ্মী দেৱেন্দ্ৰ সিং,ত্ৰৈলোক্য সিং,কমল সিংৰ লগতে সভাত উপস্থিত থকা ব্যক্তি সকলে ৷

উল্লেখ্য যে,সম্পূৰ্ণ শিখ ধৰ্মীয় বিভিন্ন ৰীতিনীতিৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ গাম্ভীৰ্যপূৰ্ণ সভাখনিত দৰৱাৰ সিং,ললিত সিং,যজবিৰ সিং,গুৰুবচ্চন সিং,সুৱৰ্ণ সিং,সাংবাদিক দেৱজিৎ হাজৰিকা,দ্বীপেন শইকীয়া,শিক্ষক ভদ্ৰকান্ত ডেকা,চাপৰমুখ মাতাজী গুৰুদ্বাৰ সমিতি,হাতীপাৰা গুৰুদ্বাৰ সমিতি,বৰক’লা কেন্দ্ৰীয় গুৰুদ্বাৰ সমিতি,লংকা পুৰনা গুৰুদ্বাৰ সমিতিৰ লগতে গুৱাহাটী আৰু নলবাৰীৰ পৰা অহা প্ৰয়াত প্ৰিতম সিংৰ গুনমুগ্ধ সকলে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ উল্লেখ্য যে প্ৰয়াত প্ৰিতম সিংৰ পুত্ৰ তথা বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙে স্মৃতিচাৰণ সভাত উপস্থিত থকা সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থখনি বদ্ধিত ৰূপত প্ৰকাশৰ বাবে পৰিকল্পনা হাতত লোবাৰ কথা অৱগত কৰে ৷

You might also like