নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ বিশ বছৰে চেঙাত ৰাজত্ব কৰা প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদে চেঙাৰ উন্নয়নত ব্যর্থ হৈছে৷ চেঙাৰ গৰাখহনীয়া সমস্যাৰ সমাধান কৰাত চূডান্তভাৱে ব্যর্থ হোৱা বিশ বছৰৰ বিধায়ক শুকুৰ আলী আহমেদে চেঙাৰ গৰাখহনীয়াত আক্রান্ত ভূমিহীন লোকক সংস্থাপন কৰাৰ লগতে ভূমিপট্টা প্রদান কৰাৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ –৪৭নং চেঙা বিধানসভা সমষ্টিত সোমবাৰে এক বিশাল সমদল উলিয়াই এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে এইদৰে মন্তব্য কৰে৷ চেঙা সমষ্টিৰ প্রার্থী আশ্রাফুল হুছেইনৰ নির্বাচনী প্রচাৰ চলাবলৈ আজি চেঙাত উপস্থিত হৈ এক বিশাল সমদলত অংশ লয় আজমলে৷ সমগ্র অঞ্চলটোৰ বাবে অতি গুৰুত্বপূর্ণ মাজদিয়া–ছাটা পাঁচ পীড দৰগাহত দোৱা লৈ আৰম্ভ কৰে এই ৰেলী৷
উল্লেখ্য যে চেঙা সমষ্টিত কংগ্রেছৰ চাৰিবাৰৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্রাক্তন মন্ত্রী শুকুৰ আলী আহমেদৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে এ আই ইউ ডি এফৰ প্রার্থী আশ্রাফুল হুছেইন৷ এগৰাকী যুৱ নেতা হিচাপে চেঙা সমষ্টিত পৰিচিত আশ্রাফুল হুছেইনক লৈ আশাবাদী বদৰুদ্দিন আজমলে ক’লে– চেঙাত বহু ভোটৰ ব্যৱধানত জিকিব আশ্রাফুল হুছেইন৷ একেদৰে চেঙা সমষ্টিৰ বান–গৰাখহনীয়াৰ সমস্যা, মাটিৰ পট্টা প্রদান, গৰাখহনীয়াত আক্রান্ত ভূমিহীন লোকক সংস্থাপন আদি সমস্যাসমূহৰ সমাধানৰ ক্ষেত্রত বিধায়ক শুকুৰ আলী আহমেদ ব্যর্থ হোৱাৰ অভিযোগ তুলি আজমলে ক’লে– আশ্রাফুল হুছেইন বিধায়ক নির্বাচিত হোৱাৰ পাছতেই এই সমস্যাৰ সমাধান কৰা হ’ব৷
একেদৰে ‘লকডাউন’, বানপানী সমস্যাৰ সময়ত দিছপুৰত বহি সমষ্টিৰ সংখ্যালঘু লোকৰ খবৰ নৰখা তথা ‘কা’বিৰোধী আন্দোলনত আত্মগোপন কৰা চেঙাৰ কংগ্রেছী বিধায়ক শুকুৰ আলী আহমেদক এইবাৰ ৰাইজে চিৰদিনৰ বাবেই চেঙাৰ পৰা বিদায় দিবলৈ সাজু হৈছে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে৷ চেঙা সমষ্টিৰ নির্বাচনী যুঁজৰ পৰা শুকুৰ আলী আহমেদক আঁতৰি থাকিবলৈও আহ্বান জনালে আজমলে৷ এইবাৰ ৰাজ্যত ইউ ডি এফৰ পৰা প্রক্ষেপ কৰা ২০গৰাকী প্রার্থীৰ ভিতৰত ১৯খন আসনতেই ইউ ডি এফ দলৰ বিধায়ক নির্বাচিত হ’ব বুলিও দাবী কৰিলে আজমলে৷ কংগ্রেছ মহাজোঁটে ৭৪খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে৷ কংগ্রেছ মহাজোঁটৰ গতি কোনেও ৰোধ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে৷ একেদৰে বৰপেটা জিলাত কংগ্রেছৰ মূৰৰ কামোৰণি হৈ পৰা ইউ ডি এফ দলে ৫খন আসনৰ ভিতৰত ৫খনেই লাভ কৰিব বুলিও দাবী কৰিলে আজমলে৷ মাজদিয়া ছাটা পাঁচ পীৰ দৰগাহৰ পৰা আৰম্ভ কৰা এই সমদল হৰিপুৰত সামৰণি পৰে৷