নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত ৪ জনকৈ অবৈধ বাংলাদেশী কৰায়ত্ব: সীমান্ত আৰক্ষীয়ে কৰায়ত্ব কৰি জমা দিলে তেজপুৰ ডিটেনশ্যন কেম্পত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: দীৰ্ঘদিন আৰক্ষীৰ পৰা আত্মগোপন কৰি অহা ৪ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক আজি দৰং আৰক্ষীৰ সীমান্ত শাখাই কৰায়ত্ব কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে বিশেষ অনুসন্ধান কৰি কলাইগাওঁ সমষ্টিৰ ভিতৰুৱা এলেকাৰ পৰা কৰায়ত্ব কৰাত সফল হয়।

আৰক্ষীৰ এক বিশেষ সূত্ৰ অনুসৰি, দৰঙৰ বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাবে ঘোষণা কৰিছিল মহিৰণ বেগম, কুলচুন বগম, কুচুমুদ্দিন আলি আৰু জয়নব বিবি। অবৈধ বিদেশী নাগৰিক হিচাবে বহুদিন আগতেই চিনাক্ত কৰিছিল যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সন্ধান পোৱা নাছিল। কিন্তু, যোৱানিশা দৰঙৰ সীমান্ত আৰক্ষীয়ে এক অভিযান চলাই আটাইকেইজনকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে জয়নব বিবি নামৰ বিদশী মহিলা গৰাকীৰ দুবছৰীয়া এটি সন্তান থকাৰ বিষয়েও সদৰি কৰা হৈছে। আৰক্ষীয়ে কৰায়ত্ব কৰা বিদেশী নাগৰিক চাৰিওটাকে তেজপুৰত থকা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণৰ দিহা কৰে।

Input: দিগন্ত কুমাৰ শৰ্মা, দৰং

You might also like