নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰপূজীয়াত প্ৰথমজন ক’ৰোনা আক্ৰান্ত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন অৱস্থাত মৰিগাঁও জিলাৰ বাৰপূজীয়া অঞ্চলৰ নিজ মিকিৰগাঁৱৰ জিতুমনি দাস (৩১) নামৰ কৰো’নাত আক্ৰান্ত যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বাৰপূজীয়া অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্যমতে বোকাজানত ব্ৰইলাৰ কম্পেনীত কৰ্মৰত অৱস্থাতে যুৱকজন কৰো’নাত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ঘৰলৈ আনি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও যুৱক জনৰ অৱস্থা ক্ৰমাৎ বেয়াৰ দিশে গতি কৰাত যুৱক জনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও আজি পুৱা যুৱক জনৰ মৃত্যু ঘটে ৷ বাৰপূজীয়া অঞ্চলৰ নিজ মিকিৰগাঁৱৰ প্ৰহ্লাদ দাস আৰু অঞ্জলী দাসৰ একমাত্ৰ পুত্ৰ জিতুমনি দাসৰ অকাল মৃত্যুৰ বাতৰিয়ে আজি শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বাৰপূজীয়া অঞ্চল।

You might also like