নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা জিলাৰ প্ৰাথমিক-মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ৰাজ্য চৰকাৰে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি যোগান কাৰ্যসূচীৰ আজি জিলাৰ সদৰ বৰপেটাত আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয় ৷ বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮ নং মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাৰ জড়িয়তে বিদ্যালয় সমূহৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। এই উপলক্ষে বৰপেটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ভৱেশ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আচনিৰ উদ্ধোধন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, যি কোনো বস্তু বিনামূলীয়া হলে আদৰ কমে ৷কিন্তু ৰাজ্য চৰকাৰে ছাত্ৰ ছাত্ৰী সকল উপকৃত হব পৰাকৈ সকলো পাঠ্যপুথি বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিছে ৷ গতিকে আমি এই ক্ষেত্ৰত হীন চকুৰে নাচায় ছাত্ৰ ছাত্ৰী সকলক তাৰ জ্ঞান দিবলৈ শিক্ষক সকল অগ্ৰসৰ হব লাগিব ৷ আমি হিংসা নহয় জেদ কৰিব লাগে ৷জ্ঞান আহৰণ কৰিবলৈ জেদ কৰিব লাগিব ৷ “

তেওঁ আৰু কয় যে শিক্ষকৰ বৃত্তিটো এটা মহৎ বৃত্তি ৷ গতিকে প্ৰকৃত মানব সম্পদ গঢ়িবলৈ শিক্ষক সকলে যথেষ্ঠ ত্যাগ কৰিব পাৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ এই উদ্ধোধনী সভাত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত, বিদ্যালয় সমুহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতি, জিলা আঁচনি বিষয়া ৰঞ্জন দাস আৰু বিদ্যালয় সমুহৰ উপ পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে ভাষণ দিয়ে ৷ অনুষ্ঠানত জিলা জিলা আঁচনি বিষয়া চিতাঙ্গ ডেকাও উপস্থিত থাকে।

এই অনুষ্ঠানতে পশ্চিম নলীগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাছেদ আলী খান,কেওঁটকুছি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনজিৎ বৰুৱা, ৩ নং দক্ষিণ হাটী নিম্ন বুুুুুুুুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখাৰাণী পাঠক,২৬ নং দামোদৰ শৰ্মা এম ভি স্কুলৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমান, ৮ নং দহাটী জুনিয়ৰ বেছিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিভূজিৎ সূত্ৰধৰ, ৯১৮ নং মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰান্তপ সূত্ৰধাৰ চৌধুৰী আৰু ১৪৪৬ নং কাৱৈমাৰী ১০ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বকুল বৰ্মনৰ হাতত একোটাকৈ কিতাপৰ টোপোলা দি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰা হয়।আজিৰ সভাত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ উপৰি বৰপেটা শিক্ষাখণ্ডত কৰ্মৰত সমল ব্যক্তিসকল উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বৰপেটা জিলাৰ ৭ টা খন্ডৰ মুঠ ২,৫৬,৬৮৪ জন প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি লাভ কৰিব ৷( ফটো দিয়া আছে)

প্ৰেৰকঃ আফতাব হুছেইন

You might also like