নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্রৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ভর্তি ট্রাক জব্দ

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্রান্তত আৰক্ষীয়ে শেহতীয়াকৈ অভিযান চলাই জব্দ কৰিছে দ’মে দ’মে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল৷ কালি নিশা বটদ্রৱা আৰক্ষীয়েও এক গোপন সূত্রৰ পম খেদি এখন চোৰাং চাউলভর্তি ট্রাক জব্দ কৰে৷ ট্রাকখনৰ লগতে মকবুল ইছলাম আৰু হেকমত আলী নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰিছে৷ আটকাধীন লোক দুজনৰ পৰা অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে বটদ্রৱা আৰক্ষীয়ে৷ এ এছ–০২ এল চি–৬৮৯০ নম্বৰৰ ট্রাকখনত ৪০ বস্তা ধানৰ মাজত ১৬০ বস্তাৰো অধিক চাউল লুকুৱাই আনিছিল৷

অবৈধভাৱে ক’লা বজাৰত বিক্রীৰ বাবে আনিছিল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ এই বৃহৎ পৰিমাণৰ চাউলখিনি৷ ৰূপহীৰ পৰা মৈৰাবাৰীলৈ লৈ গৈ থকা অৱস্থাত বটদ্রৱাৰ জামতলত এই চাউলভর্তি ট্রাকখন জব্দ কৰে বটদ্রৱা আৰক্ষীয়ে৷ সুলভ মূল্যৰ দোকানত চৰকাৰীভাৱে দৰিদ্র জনসাধাৰণক যোগান ধৰা চাউলেৰে একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তুলিছে বৃহৎ পৰিমাণৰ ক’লা ব্যৱসায়৷

জানিব পৰা মতে প্রায় এক কোটি টকাৰ অধিক মূল্যৰ চাউল লৈ অহা হৈছিল বটদ্রৱাৰ এটা ভিতৰুৱা পথেৰে৷ চাউলভর্তি ড্রাকখনৰ ওপৰতে ধানৰ বস্তা জাপি ঢ়াকি অনা হৈছিল৷ নগাঁও জিলাৰ পশ্চিম অঞ্চল আৰু সীমান্তৱর্তী মৰিগাঁও জিলাৰ অঞ্চলসমূহক কেন্দ্র কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ এখন বৃহৎ ক’লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উঠিছে৷ একাংশ সমবায় সমিতিৰ বিষয়ববীয়াই যোগান বিভাগৰ কর্মচাৰীৰ লগত মিলিত হৈ গঢ়ি তুলিছে চোৰাং চাউলৰ বৃহৎ ক’লা বেহা৷ এতিয়া প্রশ্ণ হয় এই দৰিদ্র লোকৰ মুখৰ ভাত কাঢ়ি নি চাউলৰ চোৰাং ব্যৱসায় গঢ়ি তোলা চক্রটোক চৰকাৰ প্রশাসনে পুলিয়ে–পোখাই উৎখাত কৰিবলৈ সক্ষম হ’বনে?
কোকৰাঝাৰত অবৈধভাৱে মজুত কৰি ৰখা ৪৫০ বেগ চাউল জব্দ
দুজনক গ্রেপ্তাৰ, পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত
কোকৰাঝাৰ আৰক্ষীয়ে আজি গোপন তথ্যৰ ভিত্তিত অবৈধভাৱে মজুত কৰি ৰখা সুলভ মূল্যৰ ৪৫০ বস্তা চাউল জব্দ কৰে৷ কোকৰাঝাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মনেশ্বৰ বে’য়ে জানিবলৈ দিয়া অনুসৰি আজি দুপৰীয়াৰ ভাগত দৈনন্দিন তালাচী চলোৱাৰ সময়ত অবৈধভাৱে চাউল কঢ়িয়াই অনা এ এছ–২৫ ই চি–১৭২৬ নম্বৰৰ ড্রাকখনৰ পৰা ৫০ কেজি ওজনৰ ২৪০ বস্তা চাউল আৰক্ষীয়ে জব্দ কৰে৷ কোনোধৰণৰ কাগজ–পাতি অবিহনে চালকজনে অবৈধভাৱে সুলভ মূল্যৰ চাউলখিনি কঢ়িয়াই অনাত আৰক্ষীয়ে চাউলসহ ড্রাকখন জব্দ কৰি চালকক সোধা–পোছা কৰে৷ ড্রাকচালক আতোৱাৰ আলীয়ে (২৫) নাৰাবাৰীৰ সঞ্জীৱ ঘোষৰ নাম উল্লেখ কৰাত আৰক্ষীয়ে সঞ্জীৱৰ ঘৰত তালাচী চলাই পুনৰা ৫০ কেজি ওজনৰ ২১০ বস্তা সুলভ মূল্যৰ চাউলৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ড্রাকৰ পৰা ২৪০ বস্তা আৰু সঞ্জীৱ ঘোষৰ ঘৰৰ পৰা ২১০ বস্তা চাউল মুঠ ৪৫০ বস্তা চাউল জব্দ কৰে৷ হিতাধিকাৰীৰ চাউলসমূহ এনেদৰে অবৈধভাৱে মজুত কৰি ৰখাত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ জব্দ কৰা চাউলৰ মূল্য আনুমানিক ৪ লাখ ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষী বিষয়া মনেশ্বৰ বে’য়ে সদৰী কৰিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে সঞ্জীৱ ঘোষ আৰু আতোৱাৰ আলীক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই সোধা–পোছাৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ আনে৷ সঞ্জীৱ ঘোষৰ সৈতে এগৰাকী ৰাজনৈতিক ব্যক্তিৰ ঘনিষ্ঠতা থকাৰ তথ্য পোহৰলৈ আহিছে৷

You might also like