নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ানক অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে বিজনীৰ বজাৰত উপস্থিত ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ চিৰাং জিলাৰ বিজনীত যোৱানিশা ২নং বিষ্ণুপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জাহ গৈছিল ১৩খন ব্যৱসায়িক দোকান প্ৰতিষ্ঠানৰ লগতে বাসগৃহ। এক কোটিৰো অধিক সা-সম্পত্তি ধ্বংস হৈ পৰিছিল অগ্নিকাণ্ডৰ ফলত, যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে বিয়লি মন্ত্ৰী ভৱেশ কলিতাই ২নং বিষ্ণুপুৰ বজাৰত সংঘটিত উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়।

এইক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাই ক্ষতিগ্ৰস্ত ব্যৱসায়ী লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চিৰাং জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। আনফালে মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ বিজনীৰ উত্তৰাঞ্চলত আপাতকালীন সেৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ উপ কেন্দ্ৰ স্থাপনৰ বাবে স্থানীয় বিধায়ক আৰু ৰাইজক প্ৰস্তাৱ দিবলৈ আহ্বান জনায়। ইফালে অগ্নিকাণ্ডত বিশেষভাৱে ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল বিশ্বাসেও সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে আহ্বান জনায়।

You might also like