নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীক কাণত ধৰাই উঠা বহা কৰাই শাস্তি দিয়া বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ নিলম্বন প্ৰত্যাহাৰ উপাচাৰ্যৰঃ তীব্ৰ প্ৰতিক্ৰিয়া

বিশ্ববিদ্যালয়ত তলা মৰাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ

নিয়মীয়া বাৰ্তা,  ২৫ মাৰ্চঃ বজালী জিলা সদৰ পাঠশালাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক ষষ্ঠ ষান্মাসিকৰ ২০ বছৰীয়া ছাত্ৰীক কাণত ধৰি উঠা-বহা কৰিবলৈ বাধ্য কৰোৱাৰ লগতে তাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ভাইৰেল কৰাৰ অপৰাধত বিশ্ববিদ্যালয়খনৰ অংশকালীন শিক্ষয়িত্ৰী জয়শ্ৰী দাসক কিছুদিন পূৰ্বে নিলম্বন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ ইয়াৰ পিছতে অধ্যাপিকাগৰাকীয়ে যোৱা ১৫ মাৰ্চত এই নিলম্বনৰ নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে উপাচাৰ্যলৈ এখন আবেদন প্ৰেৰণ কৰে৷ আৰু ইয়াৰ পিছতে যোৱা ২৩ মাৰ্চত জয়শ্ৰী দাসৰ নিলম্বন প্ৰত্যাহাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক বিশ্ববিদ্যালয়ত পুনৰ যোগদান কৰাৰ বাবে আমন্ত্ৰণ জনায়৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিছে বজালীৰ বিভিন্ন দল সংগঠন৷

উল্লেখ্য যে, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা হোৱাটছএপ গ্ৰুপত অংশকালীন শিক্ষয়িত্ৰী জয়শ্ৰী দাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল এগৰাকী ষষ্ঠ ষান্মাসিকৰ ছাত্ৰীয়ে৷ অধ্যাপিকাগৰাকীৰ ব্যক্তিগত জীৱনক লৈ অশালীন মন্তব্য কৰা ছাত্ৰীগৰাকীক পিছদিনা বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাৰাণ্ডাত কাণত ধৰি উঠা-বহা কৰোৱাইছিল জয়শ্ৰী দাসে৷ এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক এনে শাস্তি বিহি মানৱাধিকাৰ উলংঘনৰো অভিযোগ উত্থাপন কৰিছিল অনেকেই৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষযযিত্ৰী গৰাকীক লৈ সৃষ্টি হোৱা ভিন্ন প্ৰতিক্ৰিয়াৰ পিছতে জয়শ্ৰী দাসক নিলম্বন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু তাৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাসৰ নিলম্বন উঠাই লোৱাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বজালীত৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু ৰেজিষ্টাৰৰ এই সিদ্ধান্তক আমি গৰিহণা দিয়াৰ লগকে তীব্ৰ ভাষাৰে ধিক্কাৰ জনায়।

তেওঁ কয় যে যদি শিক্ষয়িত্ৰীগৰাকীৰ একো ভুলেই নাছিল তেতিয়া হলে ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেঁওক ১৪ মাৰ্চ তাৰিখে ছাত্ৰ একতা সভা, ভট্টদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু বিভিন্ন মানুহক লৈ এক জৰুৰী সভা আহ্বান কৰি অব্যাহতি কিয় দিছিল? এনে এক প্ৰেক্ষাপটতে পুনৰ হঠাৎ তেওঁক নিযুক্তি দিয়া কথাটো এটা ৰহস্য ঘনীভূত হৈছে বুলি যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে অভিযোগ কৰি ইয়াৰ উত্তৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু পঞ্জীয়কে অনতিপলমে দিব লাগিব বুলি দাবী কৰে৷ যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ সদুত্বৰ নিদিয়ে তাৰ পৰিণতি ভোগ কৰিব লাগিব আৰু বিশ্ববিদ্যালয়খনত অনিদিষ্ট কাললৈ তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি হুংকাৰ দিয়ে৷ আনহাতে আছু নেতা বিশ্বজিৎ গাংগুলীয়ে ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জয়শ্ৰী দাসক অব্যাহতি দি পুনৰ নিযুক্তি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি স্পষ্ট ভাষাৰে কয় যে বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহব৷ তেওঁৰ কয় যে কাৰ চাপত বা প্ৰৰোচনাত পৰি উপাচাৰ্য আৰু পঞ্জীয়কগৰাকীয়ে বিশ্ববিদ্যালয়খনক বিদ্যৎ সমাজ তথা সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জান্বত কৰা শিক্ষয়িত্ৰীগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰিলে যদিহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত উঠাই নলয় তেন্তে আগন্তক দিনত ইয়াৰ ফল ভোগ কৰিবৰ বাবে সাজু হবলৈ সকীয়াই দিয়ে৷

উল্লেখ্য যে বজালীৰ বিভিন্ন দল সংগঠনে উক্ত কাৰ্যত জড়িত দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছিল৷ যাৰ পৰিপ্ৰেক্ষিতত ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু বিষয়টো তাতেই সাম কাটিছিল। যদি সেইদিনাখনৰ সভাতেই ছাত্ৰীগৰাকী, শিক্ষয়ত্ৰীগৰাকী আৰু দল সংগঠনৰ প্ৰতিনিধিৰ লগতে পৰিয়ালৰ সদস্যৰ উপস্থিতিত এক আপোচৰ মীমাংসা কৰিলেহেঁতেন তেতিয়া হ’লে আজিৰ এই পৰিস্থিতি আকৌ উদ্ভৱ নহলহেঁতেন বুলি মন্তব্য কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ নেতা মৃদুল তালুকদাৰ আৰু আছু নেতা বিশ্বজিৎ গাংগুলীয়ে স্পষ্টভাৱে কয় যে বজালীৰ ঐতিহ্যস্বৰূপ এসময়ৰ বজালী মহাবিদ্যালয় যি এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, তাক লৈ হেতালি খেলা আৰু বাৰে বাৰে ভট্টদেৱ বিশ্ববিদ্যালয়ক অসমবাসীৰ আগত হেয় প্ৰতিপন্ন কৰা কোনো ব্যক্তিক ৰেহাই দিয়া নহব, সেয়া লাগিলে উপাচাৰ্য্য হওঁক, পঞ্জীয়কেই হওঁক বা অন্য কোনোবা ব্যক্তিয়েই হওঁক কাকো ক্ষমা কৰা নহব বুলি কথোৰভাৱে সকীয়াই দিয়ে৷

You might also like