বিজনীত আৰম্ভ ঘৰ ঘৰ দস্তক ভেকচিন
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ চিৰাং জিলাত বৰ্তমানেও প্ৰায় কুৰি হেজাৰ লোকে এতিয়ালৈকে ক’ভিড প্ৰতিষেধক লোৱা নাই ৷ ইয়াৰ বাবে আজি ২৯ নৱেম্বৰৰ পৰা অহা পাঁচ ডিচেম্বৰ লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ঘৰ ঘৰ দস্তক অৰ্থাৎ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে যি সকল লোকে এতিয়ালৈ ক’ভিড ১৯ ৰ প্ৰতিষেধক লোৱানাই তেওঁলোকক ঘৰে ঘৰে গৈ প্ৰথম পালি ক’ভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ৷ জিলাখনৰ বিজনী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ ঠাকুৰবাৰী পথত আজি ৰোগী মহিলা এগৰাকীক ক’ভিড ১৯ ৰ প্ৰতিষেধক স্বাস্থ্য বিভাগৰ নাৰ্ছ আৰু আশা কৰ্মীয়ে বিজনী ৰাজ্যিক চিকিৎসালয়ত ৭৭ গৰাকী লোকক ভেকচিন প্ৰদান কৰাৰকথা বিজনী আমগুৰিৰ আশা কৰ্মী আকলিকা খাতুনে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, যি সকল লোকে এতিয়াও মহামাৰী কোৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত ৰাখিব পৰা ক’ভিড প্ৰতিষেধক লোৱা নাই সেই লোক সকলক প্ৰতিষেধক লবলৈ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সৰ্বসাধাৰণ ৰাইজলৈ আহ্বান জনায় ।