নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত বিজেপিয়ে ৯৬খন আসন পোৱাটো নিশ্চিত

বিটিআৰৰ হূদপিণ্ড কোকৰাঝাৰত ৰণশিঙা বজালে ৰঞ্জিত কুমাৰ দাসে

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  কোকৰাঝাৰত অনুষ্ঠিত অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জনজাতি মর্চাৰ প্রথম দিনৰ কার্যনির্বাহকত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিআৰৰ লগতে অসম বিধানসভাৰ নির্বাচন সম্বন্ধীয় কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ অনুসূচিত জনজাতি মর্চাৰ কার্যনির্বাহকত উপস্থিত থকা কর্মকর্তাসকলক উদ্দেশ্যি দাসে কয় যে ৰাজ্যত কেইবাটাও নতুন ৰাজনৈতিক দলে আত্মপ্রকাশ কৰিছে৷ তাক লৈ বিজেপিৰ কর্মকর্তা তথা সদস্যসকলে কোনো কাৰণতে শংকিত হোৱাৰ কাৰণ নাই ৷ কাৰণ ‘কা’ আন্দোলনৰ গইনা লৈ যিসকলে ‘কা’ বাতিল কৰিব লাগে বুলি ৰাজপথ উত্তাল কৰিছিল সেইসকলৰ স্বৰূপ এতিয়া ৰাইজৰ মাজত ওলাই পৰিছে৷ ‘কা’ আন্দোলনত প্রত্যক্ষভাৱে জড়িত কেইবাটাও দল–সংগঠনৰ বাঘা বাঘা নেতাই ৰাজনীতিৰ পোছাক পিন্ধি ৰাজনৈতিক দল গঠন কৰি সক্রিয় ৰাজনীতিত নামি পৰিছে৷ গতিকে এতিয়া অসমৰ ৰাইজে ৰাইজৰ আৱেগক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িব বিচৰা নেতাসকলক চিনি পাইছে৷ আমি নিশ্চিত অসমৰ ৰাইজ কাৰো ৰাজনৈতিক হাথিয়াৰ হ’ব নিবিচাৰে৷ নিজৰ সিদ্ধান্ত নিজেই ল’ব৷ অসমৰ প্রতিটো জাতি–জনগোষ্ঠী ভাৰতীয় জনতা পার্টীৰ লগত আছে আৰু ২০২১ চনৰ নির্বাচনতো বিজেপিকেই আশীর্বাদ দিব৷ বৰাক–ব্রহ্মপুত্রত থকা ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯৬টা লাভ কৰাটো নিশ্চিত হৈছে৷ এশখন হ’বলৈ আৰু চাৰিটাহে বাকী আছে৷ উক্ত চাৰিটা বিধানসভা সমষ্টিও বিজেপিয়েই হস্তগত কৰিব৷ কিন্তু চাৰিটা বিধানসভা সমষ্টিৰ নাম গোপন, এতিয়াই উল্লেখ নকৰো বুলি দাসে কয়৷ কোকৰাঝাৰৰ পৰাই বিটিআৰ নির্বাচনৰ উপৰি ২০২১ চনৰ বিধানসভা নির্বাচনৰ বাবে উজনিৰ পৰা নামনিলৈ প্রতিগৰাকী বিজেপিৰ সদস্য, কর্মকর্তাসকলে নিঃস্বার্থভাৱে ত্যাগৰ মনোভাবেৰে দলক আগুৱাই নিয়াৰ বাবে আত্মনিয়োগ কৰিব লাগিব৷ তদুপৰি যেনেকৈ কার্বি, দেউৰী, ৰাভা, তিৱা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী আৰু ৰাভা জনগোষ্ঠীয়ে বিজেপিক আঁকোৱালি লৈছে৷ তেনেকৈয়ে বিটিআৰবাসী বডো ৰাইজেও অনাগত সময়ত বিজেপিক আশীর্বাদ দিব৷ লগতে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নির্বাচনত বিটিআৰ অঞ্চলত থকা ১২টা বিধানসভা সমষ্টিত বিজেপিৰ উত্থানৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মন্তব্য আগবঢ়ায়৷ আজিৰ কার্যনির্বাহকত কার্বি আংলং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, গুৱাহাটী জিলা পৰিষদৰ সভাপতি, অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসমৰ সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে, তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ পল্লৱলোচন দাসসহ ৰাজ্যখনৰ ৩৯খন জিলা সমিতিৰ পৰা অহা তিনি শতাধিক অনুসূচিত জনজাতি মর্চাৰ কর্মকর্তাই অংশগ্রহণ কৰে৷

You might also like