নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙত মহিলাক ধর্ষণ বিজেপি নেতা দুলালৰ

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী চকীৰ অন্তর্গত ৰজাবাৰী গাঁৱত পোহৰলৈ আহিছে এজন বিজেপিৰ পালিনেতাৰ দুষ্কার্য৷ স্বামী ঘৰত নথকাৰ সুযোগত নিশা ধর্ষণ কৰে এগৰাকী মহিলাক৷ দালালৰূপী দুলাল উদ্দিন নামৰ বিজেপি নেতাজনে একে গাঁৱৰে এগৰাকী মহিলাক যোৱানিশা ধর্ষণ কৰে৷ মহিলাগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ এই দুষ্কার্য সংঘটিত কৰে লম্পট দুলাল উদ্দিনে৷

ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পাছত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত ওচৰ–চুবুৰীয়া আহি উপস্থিত হয়৷ পলাই সাৰিবলৈ সক্ষম হয় লম্পট দুলাল উদ্দিন৷ ইতিমধ্যে ঘটনা সন্দর্ভত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছে৷ বর্তমানলৈকে আৰক্ষীয়ে পলাতক হৈ থকা দুলাল উদ্দিনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ধর্ষণকাৰীক শীঘ্রে কৰায়ত্ত কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ডুমডুমীয়া আৰক্ষীক৷

You might also like