ৰহা সমষ্টি অগপক এৰি দিয়াৰ বিৰোধিতাৰে বিজেপিৰ তৃণমূল কৰ্মীৰ তীব্ৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ৰহাতো বিজেপিৰ দলীয় কৰ্মীসকলে আজি সাবস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ । অগপক ৰহা সমষ্টিৰ আসন এৰি দিবলৈ বিজেপি-এজিপিৰ দলীয় নেতৃত্বই লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ৰহাত বিজেপিৰ তৃণমূল কৰ্মীসকলে আজি ধৰ্ণা কাৰ্যসূচীৰে এক প্ৰতিবাদী সমদল উলিয়ায় ।
উল্লেখ্য যে আজি প্ৰতিবাদী কাৰ্যসূচীত ৰহা গ্ৰাম্য মণ্ডল, ৰহা টাউন মণ্ডল, কমাৰগাঁও মণ্ডল আৰু গৰুবাট মণ্ডলৰ চাৰিওজন মণ্ডল সভাপতিৰ লগতে শতাধিক দলীয় কৰ্মীয়ে এই কাৰ্যৰ বিৰোধিতা কৰে।
বিজেপিৰ দলীয় কৰ্মীসকলে কোনো চৰ্ততেই ৰহা সমষ্টিটো অগপৰ হাতত এৰি দিবলৈ প্ৰস্তুত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । আনহাতে ৰহা অগপক এৰি দিলে সমূহীয়াভাৱে দলীয় কৰ্মীসকলে পদত্যাগ কৰিব বুলিও হুংকাৰ দিয়ে।
উল্লেখ্য যে সমষ্টিটোত বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ উপৰি সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা, শ্যামল প্ৰসাদ শইকীয়া আদি কেইবাজনো প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে টিকটৰ দাবীদাৰ আছিল যদিও মুৰকত অগপক বিজেপিয়ে আসনখন এৰি দিব খোজাত সমষ্টিটোত বিজেপি কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে।
একাংশ ক্ষোভিত কৰ্মীৰ ভাষ্য অনুসৰি ৰহা সমষ্টিত অসম গণ পৰিষদ দলে অস্তিত্বৰ সংকটত পৰি থকাৰ সময়ত কি যুক্তিত দলীয় টিকট প্ৰদান কৰিলে সেয়া অতি ৰহস্যজনক। তদুপৰি অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া প্ৰাৰ্থীগৰাকীও ৰহাৰ স্থায়ী বাসিন্দা নোহোৱা হেতু কোনো কাৰণতে মানি ল’ব পৰা নাই তেওঁক।
ইয়াৰ বিপৰীতে সমষ্টিটোত বিজেপিৰ বৃহত সাংগঠনিক ভেটি থকাৰ লগতে ১৮টা গাঁও পঞ্চায়ত ৬টা তিৱা স্বায়ত্ত পৰিষদ ৫ খন সমবায় বিজেপিৰ দখলত থকাৰ পাছতো বিজেপি দলৰ বিপৰীতে অগপক আসন এৰি দিয়া কাৰ্যক কোনো কাৰণতে মানি ল’ব পৰা নাই।
সেয়েহে বিজেপিৰ ঊৰ্ধ্বতন নেতৃত্বক ৰহা সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী জনাইছে আৰু যদিহে নেতৃত্বই এই দাবী মানি নলয় তেন্তে সমষ্টিৰ বহু নেতা-কৰ্মীয়ে বিজেপি ত্যাগ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে।