নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : ধুবুৰীত চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ এখন বৃহৎ কলাবজাৰ গঢ়ি উঠা বুলি দীৰ্ঘদিনৰ পৰাই এক সন্দেহ উত্থাপিত কৰি আহিছে বিভিন্ন মহলে। সেই মহলবোৰৰ সন্দেহক বাস্তৱত পৰিণত কৰি আজি ধুবুৰীৰ সমীপৰ মাঝেৰচৰ নামৰ এক চৰাঞ্চলৰ ওচৰৰ ব্ৰহ্মপুত্ৰত চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুলি সন্দেহ কৰি ধুবুৰী আৰক্ষীৰ এটি দলে দুখনকৈ চাউলৰ বস্তাভৰ্তি নাও জব্দ কৰা বুলি জানিব পৰা গৈছে।
ইপিনে নাও দুখনৰ নাৱৰীয়াকেইজনে অভিযানকাৰী আৰক্ষীৰ দলটোৰ চকুত ধূলি মাৰি পলায়ন কৰিলেও নাও দুখনত পোৱা ১৫০ বস্তা চাউল ধুবুৰী সদৰ থানালৈ আনিছে।
উল্লেখ্য যে গৰু, মাদক দ্ৰব্যকে ধৰি অন্যান্য সামগ্ৰীৰ উপৰি চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আৰু নীলা কেৰাচিন চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহৰ সৈতে জড়িত চক্ৰ এটাও ধুবুৰীত সক্ৰিয় হৈ থকা বুলি সন্দেহ কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী