নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদী মডাৰ্ন ক্লাৱৰ উদ্যোগত হিন্দু শ্মশানস্থলীত চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বগীনদীৰ অন্যতম সামাজিক সংস্থা মডাৰ্ন ক্লাৱৰ কৰ্মকৰ্তাসকলে আজি সন্মিলিতভাৱে বগীনদী সাপ্তাহিক বজাৰখনৰ সমীপৱৰ্তী হিন্দু শ্মশানখন দিনযোৰা কাৰ্যসূচীৰে চাফ-চিকুন কৰাৰ লগতে হাবি-জংঘলে আৱৰি থকা শ্মশানখনক এক পৰিচ্ছন্ন পৰিবেশেৰে উজ্বলাই তোলে।

জানিব পৰা মতে, বগীনদী দৈনিক বজাৰৰ একাংশ নাপিত, ব্ৰয়লাৰ আৰু মাছ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কটা চুলি, ব্ৰয়লাৰ আৰু মাছৰ বাকলি তথা পেঁটুসমূহ দৈনিক শ্মশানখনৰ ভিতৰচ’ৰাত পেলাই অহাত তাৰ পৰা ওলোৱা দূৰ্গন্ধই শ্মশানখনৰ সমগ্ৰ পৰিবেশটোৱেই কলুষিত কৰি তুলিছিল। এনে পৰিস্থিতিত আজি ক্লাৱটোৰ কৰ্মকৰ্তাসকলে এইসমূহ জুঁই লগাই পুৰি পৰিচ্ছন্ন কৰাৰ লগতে পৰৱৰ্তী সময়ত যাতে কোনো নাপিত তথা ব্ৰয়লাৰ আৰু মাছৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পেলনীয়া সামগ্ৰীসমূহ শ্মশানখনত পেলাই পৰিবেশ বিনষ্ট নকৰে তাৰবাবে ক্লাৱটোৰ সকলো কৰ্মকৰ্তাই উল্লিখিত ব্যৱসায়ীসকলক আহ্বান জনাইছে।

শেষত ক্লাৱটোৰ কৰ্মকৰ্তাসকলে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে শ্মশানখনৰ ভিতৰচ’ৰাত থকা বিভিন্ন গছ-গছনিত চাফ-চিকুনতা শীৰ্ষক নীতিবাক্য লিখা একাংশ বেনাৰ আঁৰি দিয়া পৰিলক্ষিত হয়।

Input: ভূবন গৌতম 

You might also like