মাৰ্ঘেৰিটাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ বাহন জব্দ
কেচা চাহপাতেৰে ঢাকী কাঠ সৰবৰাহ কৰিবলৈ চেষ্টা
নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি পুৱাতে জব্দ হয় চোৰাং কাঠ ভৰ্তি এখন বলেৰ’ পিকাপ গাড়ী । ওপৰত কেচা চাহপাতেৰে ঢাকি কাঠখিনি দুলিয়াজানলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল ।
চোৰাং কাঠ ভৰ্তি বলেৰ’ পিকাপ গাড়ীখনৰ নম্বৰ As 23 AC 1937 । মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় পথৰ হিলভিউস্থ বেৰিকেডত এখন তীব্ৰবেগী চাহপাত কঢ়িয়াই অনা বলেৰ’ পিকআপ গাড়ীয়ে খুণ্ডিয়াই দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পোহৰলৈ আহে কাঠ সৰবৰাহৰ অভিনৱ পন্থা ।
মাৰ্ঘেৰিটা আৰক্ষীয়ে তাৎক্ষণিক ভাৱে উপস্থিত হৈ গাড়ীখন পৰীক্ষা কৰোতেই পোহৰলৈ আহে উৰহী গছৰ ওৰ । চাহপাতৰ তলত প্ৰায় ৭৫ চি এফ টি কাঠ। ইতিমধ্যেই কাঠ ভৰ্তী গাড়ী সহ চালকক আটক কৰিছে আৰক্ষীয়ে। জনৈক কাঠ চোৰ ৰুপমে কাঠখিনি সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে।