বঙাইগাঁৱৰ এএছপিৰ অডিঅ’ ভাইৰেল
নিয়মীয়া বাৰ্তা ২৩ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কয়লাকে ধৰি সকলো ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰাৰ সময়তে একাংশ আৰক্ষী বিষয়াই গোপনে চোৰাং কাৰবাৰৰ সৈতে লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে কুখ্যাত কয়লা মাফিয়া এজনৰ পৰা ধন দাবীৰ অডি’ ভাইৰেল হোৱা ঘটনাই সর্বত্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে যোগীঘোপাৰ কুখ্যাত কয়লা ব্যৱসায়ী কাদেৰ আলীৰ সৈতে হোৱা বার্তালাপৰ অডি’টো পূর্বতে দিয়া প্রতিশ্রুতি মতে ১৫ লাখ টকা দাবী কৰে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকজনে নির্ধাৰিত সময় মতে কাদেৰে ধন আদায় নিদিয়াত ভাবুকিও প্রদান কৰে৷ প্রথম কিস্তিৰ ১৫ লাখ টকা আদায় দিয়াৰ পিছত ৫ এপ্রিলত সম–পৰিমাণৰ ধন দ্বিতীয় কিস্তি হিচাপে ধন আদায় দিয়াৰ কথা আছিল যদিও বিভিন্ন অজুহাতত কাদেৰে বিষয়াজনক ধন আদায় দিয়া নাছিল৷ ফলত ক্ষুণ্ণ হৈ পৰা বিষয়াজনে টেলিফোনযোগে চোৰাং ব্যৱসায়ী কাদেৰক ভাবুকি প্রদান কৰি শীঘ্রে ধন আদায় নিদিলে অনাগত সময়ত পৰিস্থিতি ভাল নহ’ব বুলি সকীয়নি দিয়াটো অডিঅ’টোত স্পষ্ট হৈ পৰিছে৷
ৰাজ্যৰ বাহিৰলৈ অবৈধভাৱে কয়লা সৰবৰাহৰ পথ সুগম কৰাৰ বিনিময়ত একাংশ আৰক্ষী বিষয়াই চোৰাং ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজিৰে মোটা অংকৰ কমিছন আদায় কৰাৰ দীর্ঘদিনীয়া অভিযোগ আছিল৷ আজি ভাইৰেল অডি’টোৱে সেই অভিযোগ পূর্ণমাত্রাত সঁচা প্রমাণিত কৰা বুলি চর্চিত হৈছে৷ কিন্তু বঙাইগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাই জিলাখনত দায়িত্বভাৰ গ্রহণ কৰিয়ে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান আৰম্ভ দিয়ে৷ জিলা আৰক্ষী অধীক্ষকজনৰ নির্দেশত কেইবাখনো অবৈধ কয়লাভর্তি ড্রাক জব্দ কৰাৰ লগতে কাদেৰ আলীকে ধৰি বহুকেইজন কয়লা মাফিয়াক গ্রেপ্তাৰ কৰে৷ বিভিন্ন থানাত কয়লাৰ ভুৱা জি এছ টিকে আদি অভিযোগত পূর্বৰ পৰাই বহু গোচৰ ৰুজু হৈ আছিল কাদেৰৰ বিৰুদ্ধে৷ যোৱা ১২ জুনত কাদেৰ আলীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি পূর্বতে ৰুজু গোচৰসমূহ বিষয়ে তদন্ত অব্যাহত ৰাখিছে৷ সম্প্রতি কাদেৰ আলীক জে’ল–হাজোতলৈ প্রেৰণ কৰিছে যদিও সম্প্রতি ‘কেঁচু খান্দোতে সাপ ওলোৱা’ ধৰণৰ কাণ্ড সংঘটিত হৈছে৷
কুখ্যাত কয়লা ব্যৱসায়ী কাদেৰ আলীৰ সৈতে অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিৰ গোপন ফোন ৰেকর্ডিং পোহৰলৈ অহাত আন অধ্যায় উন্মোচিত হৈছে৷ কুখ্যাত কয়লা ব্যৱসায়ীজনৰে সম্পর্ক ৰক্ষা কৰি আৰক্ষী বিষয়াজনে দীর্ঘদিন ধৰি মোটা কমিছন আদায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ভাইৰেল অডি’ অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ হাতত পৰাৰ ফলত অতিৰিক্ত আৰক্ষী বিষয়া পংকজ কাকতিক মুখ্য কার্যালয়লৈ তলব কৰাৰ লগতে ‘হেড কোৱার্টাৰ ক্লোজ’ কৰা বুলি জানিব পৰা গৈছে৷ অবৈধ কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা এনে আৰক্ষী বিষয়াৰ বিৰুদ্ধে চৰকাৰখনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া নিশ্চয় আগন্তুক দিনত লক্ষণীয় হ’ব৷