নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা আৰক্ষীৰ অভিযান; ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ তিতাবৰ মহকুমাৰ বৰহোলা আৰক্ষীয়ে আজি দুপৰীয়া অভিযান চলাই ডাংধৰা এলেকাৰ পৰা ১৪ গ্ৰাম ব্ৰাউন চুগাৰ ড্ৰাগছ সহ এজনক জালত পেলাবলৈ সক্ষম হয়। ডাংধৰাৰ চেকুৰিয়া গাঁৱৰ বিশ্বজিৎ বেজবৰা নামৰ এজন যুৱকে এখন বাইকেৰে গ্ৰাহকক ড্ৰাগছখিনি বিক্ৰি কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ সন্দৰ্ভত বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ দাসৰ পৰা জানিব পৰা মতে এক গোপন সূত্ৰই আজি দিনৰ প্ৰায় ১২ বজাত নগালেণ্ডৰ ফালৰ পৰা বাইক লৈ এজন যুৱকে ড্ৰাগছ বিক্ৰি কৰিবলৈ অহাৰ তথ্য দিছিল আৰক্ষীক। সেয়ে বৰহোলা থানাৰ অন্তৰ্গত ৰজাবাহৰত আৰক্ষীয়ে তাৎক্ষণিকভাবে এক চেকিং আৰম্ভ কৰে। সূত্ৰটোৰ খবৰ মতেই ড্ৰাগছ বিক্ৰি কৰিবলৈ অহা যুৱকজন উক্ত স্থানত উপস্থিত হোৱাত প্ৰথম অৱস্থাত আৰক্ষীয়ে ৰবলৈ সংকেত দিয়ে। যুৱকজনে আৰক্ষীৰ সংকেত নামানি বাইকেৰে তীব্ৰ গতিৰে পলায়ন কৰে। আৰক্ষীৰ দলটোৱে পিছে পিছে খেদি গৈ ডাংধৰা চাৰিআলিত বিশ্বজিৎ বেজবৰা নামৰ যুৱকজনক কৰায়ত্ত কৰে। কাইলৈ শুক্ৰবাৰে যুৱকজনক তিতাবৰৰ আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰিব।

You might also like