নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ বিটিচি নির্বাচনৰ প্রাকক্ষণত বি পি এফক পুনৰ সংকটলৈ ঠেলি দি দলটোৰ পৰা পদত্যাগ কৰিলে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে৷ দীর্ঘদিনৰ পৰা নেতৃত্বৰ সৈতে মতবিৰোধৰ বাবে দলটোৰ সৈতে সকলো ধৰণৰ সম্পর্ক ছেদ কৰি ৰখা ইমানুৱেল মুছাহাৰীয়ে বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল৷ আজি বিধায়ক মুছাহাৰীয়ে আনুষ্ঠানিকভাৱে দলটোৰ পৰা পদত্যাগ কৰে৷ মন কৰিবলগীয়া যে হাগ্রামা মহিলাৰীৰে মতপার্থক্যৰ লগতে দলৰ কার্যকলাপক লৈ অসন্তুষ্টি প্রকাশ কৰি কালি বি পি এফৰ পৰা পদত্যাগ কৰিছিল সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ বি পি এফৰ পৰা দুবাৰকৈ সাংসদ হোৱা বিশ্বজিৎ দৈমাৰীৰ পদত্যাগ দলৰ বাবে এক বৃহৎ ক্ষতি ৰূপে চিহ্ণিত হোৱাৰ সময়তে মুছাহাৰীৰ প্রত্যাহাৰে বি পি এফৰ সন্মুখত অধিক জটিলতাৰ সৃষ্টি কৰিলে৷ অহা ২০ নৱেম্বৰত বিশ্বজিৎ দৈমাৰীৰ সৈতে ইমানুৱেল মুছাহাৰীয়েও বিজেপিত যোগদান কৰিব৷ ইফালে, আজি গোসাঁইগাঁৱত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জানিবলৈ দিয়া মতে, বি পি এফৰ বহুকেইজন নেতাই ২০ নৱেম্বৰত বিজেপিত যোগ দিব৷ এই নেতাসকলৰ যোগদানে বিটিচিত বিজেপিক সংখ্যাগৰিষ্ঠতা লাভ কৰাত সহায় কৰিব৷ এই নেতাসকলে এতিয়া উপলব্ধি কৰিছে যে বিটিচিৰ ৰাইজ এতিয়া বিজেপিৰ লগত আছে৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনৰ প্রাকক্ষণত বি পি এফৰ পৰা এজন সাংসদ আৰু এজন বিধায়কৰ পদত্যাগ দলটোৰ বাবে চৰম ক্ষতিকাৰক বুলি চিহ্ণিত হৈছে৷ বিশেষকৈ তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ পদত্যাগ আৰু বিজেপিত যোগাদানে বাক্সা জিলাত ৰাজ্যৰ শাসকীয় দলটোৰ স্থিতি যথেষ্ট শক্তিশালী কৰিব৷