ব্রইলাৰ পালনৰ বাবে এটা পৰিয়ালক এঘৰীয়া শংকৰ সংঘৰ
নিয়মীয়া বাৰ্তা, ২১ মে: অসাংবিধানিক আৰু প্রচলিত নিয়মৰ বিপৰীতে যোৱা বুলি উল্লেখ কৰি ব্রইলাৰ মুর্গী পালন কৰাৰ বাবেই শ্রীমন্ত শংকৰদেৱ সংঘই নাৰায়ণপুৰৰ চৌধ্যপুনীয়াৰ এটা পৰিয়ালক এঘৰীয়া কৰিছে৷ জিতু হাজৰিকাৰ পুত্র জ্যোতিপ্রসাদ হাজৰিকা আৰু বন্ধু বিশ্বজিৎ বৰুৱাই এমাহ পূর্বে ঘৰৰ চৌহদত এটা ব্রইলাৰ মুর্গীৰ ফার্ম আৰম্ভ কৰিছিল৷ স্নাতক প্রথম বর্ষত অধ্যয়নৰত জ্যোতিপ্রসাদ আৰু কাৰিকৰী শিক্ষা সমাপ্ত কৰা বিশ্বজিতে বিশ্বজুৰি চলি থকা ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতো ফার্মখন আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ প্রয়াস কৰিছিল৷ ইয়াৰ বিপৰীতে শ্রীমন্ত শংকৰদেৱ সংঘৰ চৌধ্যপুনীয়া প্রাথমিক শাখাই প্রচলিত নিয়মৰ বিপৰীতে যোৱা বুলি অভিযোগ তুলি একনিষ্ঠ সেৱক জিতু হাজৰিকাৰ পৰিয়ালক এঘৰীয়া কৰে৷
শ্রীমন্ত শংকৰদেৱ সংঘৰ চৌধ্যপুনীয়া প্রাথমিক শাখাৰ সভাপতি কোষেশ্বৰ হাজৰিকা আৰু সম্পাদক মহেশ্বৰ দত্তৰ যোৱা ৮ মে’ত স্বাক্ষৰিত এখন পত্রৰ জৰিয়তে জিতু হাজৰিকাৰ পৰিয়ালক এঘৰীয়া কৰাৰ কথা অৱগত কৰে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ এনে সিদ্ধান্তত অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আনহাতে পুত্রৰ স্বাৱলম্বিতাৰ প্রয়াসৰ বিপৰীতে শ্রীমন্ত শংকৰদেৱ সংঘৰ চৌধ্যপুনীয়া প্রাথমিক শাখাই জাৰি কৰা আকস্মিক নিষেধাজ্ঞাত জিতু হাজৰিকা হতাশ হৈ পৰাৰ লগতে দুখ প্রকাশ কৰিছে৷ সেৱক জিতু হাজৰিকাই বিষয়টোৰ সন্দর্ভত শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ আৰু প্রধান সম্পাদকৰ হস্তক্ষেপ কামনা কৰিছে৷