গুৱাহাটীত গ্রেপ্তাৰ ঠেলামৰাৰ মণ্ডল গুলজাৰ
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ দুর্নীতি নিবাৰক শাখাই অভিযান চলাই সোমবাৰে গুৱাহাটীৰ ভঙাগড়ৰ সৎসংগ বিহাৰৰ ওচৰত মণ্ডল গুলজাৰ হুছেইনক গ্রেপ্তাৰ কৰে৷ মাটিৰ দালালৰ পৰা ধন দাবী কৰি মণ্ডল গুলজাৰ হুছেইন গ্রেপ্তাৰ হয়৷
জানিব পৰা মতে, আগধন হিচাপে মাটিৰ দালালে ৪ লাখ টকাত চুক্তিবদ্ধ হোৱাৰ পিছত ৫০ হাজাৰ টকা দিবলৈ ওলাওঁতেই দুর্নীতি নিবাৰক শাখাই গুলজাৰ হুছেইনক গ্রেপ্তাৰ কৰে৷ মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত গুলজাৰে এজন লোকৰ পৰা ধন বিচাৰিছিল৷ গুলজাৰৰ গাড়ীৰ পৰা বহু দলিলৰ লগতে বহু আপত্তিজনক নথি–পত্র উদ্ধাৰ কৰা হয়৷ গুলজাৰক গ্রেপ্তাৰ কৰাৰ লগতে এ এছ–১২ ৱাই–৯৯৪৯ নম্বৰৰ হোণ্ডা এমেজ গাড়ীখন জব্দ কৰে৷