কার্গ’ বিমান সেৱাই কৃষকৰ সপোন বাস্তৱায়িত কৰিব: মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ অসমকে ধৰি উত্তৰ–পূবৰ আমদানি–ৰপ্তানি ক্ষেত্রলৈ নতুন সম্ভাৱনা কঢ়িয়াই দেশৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থা স্পাইছ জেটে আজি উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যলৈ কার্গ’ বিমান সেৱা মুকলি কৰে৷ এই উপলক্ষে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত এক কার্যসূচীত অংশগ্রহণ কৰি স্পাইছ জেটৰ এই পদক্ষেপে আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্রত অসম তথা উত্তৰ–পূবৰ কৃষকসকলৰ সপোন বাস্তৱায়িত কৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়৷ আজিৰ এই পক্ষেপৰ জৰিয়তে স্পাইছ জেটে অসমকে ধৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্রিপুৰালৈ ১৪খন নতুন কার্গ’ বিমানৰ সেৱা আৰম্ভ কৰে৷ স্পাইছ জেটৰ কার্গ’ বিমানসেৱা মুকলিৰ দিনটোক বিশেষ গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এতিয়াৰে পৰা এই অঞ্চলৰ কৃষকসকলে নিজৰ উৎপাদিত সামগ্রী নিজৰ ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কৰাৰ ক্ষেত্রত বিশেষ সুবিধা লাভ কৰিব৷
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত ৩৭ লাখৰো অধিক কৃষক পৰিয়াল আছে৷ ৰাজ্যৰ এই কৃষক পৰিয়ালসমূহে নিজকে স্বাৱলম্বী কৰাৰ লগতে ৰাজ্যৰ অর্থনৈতিক ভেটি শক্তিশালী কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷ এই কার্গ’ সেৱাৰ আৰম্ভণিয়ে কৃষকসকলৰ বাবে নতুন সুবিধা আৰু সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ এই অঞ্চলৰ সম্পদ আৰু সম্ভাৱনাসমূহ আৱিষ্কাৰ কৰি এইসমূহক নতুন গতি প্রদান কৰিবলৈ পদক্ষেপ লৈছে৷ এই পদক্ষেপৰ অংশ হিচাপে সমগ্র উত্তৰ–পূর্বাঞ্চলত যাতায়াত ব্যৱস্থাৰ দ্রুত উন্নয়ন সম্ভৱ হৈছে৷ আজি স্পাইছ জেটে আৰম্ভ কৰা এই কার্গ’ বিমান সেৱা এই পদক্ষেপসমূহৰে অন্যতম বুলি তেওঁ কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰাৰ লগতে এই অঞ্চলক দেশৰ বিকাশৰ ‘নতুন ইঞ্জিন’ ৰূপে গঢ়িবলৈ নিষ্ঠাৰে কাম কৰিছে বুলিও মুখ্যমন্ত্রী সোণোৱালে কয়৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে এই কার্গ’ বিমান সেৱাৰ আৰম্ভণিয়ে ‘আত্মনির্ভৰ ভাৰত’ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশতো প্রভূত অৰিহণা যোগাব৷
মুখ্যমন্ত্রীয়ে কয় যে অসম চৰকাৰে এতিয়াৰে পৰা স্থানীয় কৃষিজাত সামগ্রীসমূহৰ উপযুক্ত বজাৰ সৃষ্টি কৰিবলৈ অধিক সজোৰে প্রচেষ্টা চলাব আৰু শীঘ্রে এই সামগ্রীসমূহে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে অসম চৰকাৰে আৰম্ভণিৰে পৰা দক্ষিণ–পূব এছিয়াৰ লগতে বাংলাদেশ আৰু ভূটানৰ সর্বমুঠ ৮০ কোটি জনসাধাৰণক লক্ষ্য কৰি ৰাজ্যখনত শক্তিশালী বজাৰ গঢ় দিবলৈ পদক্ষেপ লৈ আহিছে৷ স্পাইছ জেটৰ কার্গ’ বিমান সেৱাই এই পদক্ষেপক অধিক ত্বৰান্বিত কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতাৰ পূর্বে নদীপথেদি অসমে আন্তঃৰাষ্ট্রীয় বজাৰলৈ ৰাজ্যত উৎপাদিত সামগ্রী প্রেৰণ কৰিব পাৰিছিল যদিও পৰৱর্তী সময়ত এই পথ বন্ধ হৈ পৰে৷ অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ পদক্ষেপৰ ফলত বাংলাদেশৰ চট্টগ্রাম বন্দৰলৈকে যাতায়াত ব্যৱস্থা পুনৰ মুকলি হৈছে৷ আনহাতে স্পাইছ জেটৰ আজিৰ এই পদক্ষেপে এক নতুন দিগন্তৰ সূচনা কৰিলে৷ মুখ্যমন্ত্রীয়ে এই সুযোগৰ সুবিধা গ্রহণ কৰি কৃষি অর্থনীতি সবল কৰি তোলাৰ বাবে ৰাজ্যৰ উঠিহা প্রজন্মক কৃষিকর্মত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷
মুখ্যমন্ত্রীয়ে লগতে স্পাইছ জেটৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অজয় সিঙক অসমৰ কৃষি অর্থনীতিক নতুন গতি দিয়াৰ উদ্দেশ্যে গ্রহণ কৰা এই পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জনায়৷ আজিৰ অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী হৰদ্বীপ সিং পুৰী আৰু স্পাইছ জেটৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অজয় সিঙে ভার্চুৱেল মাধ্যমেদি অংশগ্রহণ কৰি এই পদক্ষেপৰ সম্পর্কে বক্তব্য প্রদান কৰে৷ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও অনুষ্ঠানত ভাষণ প্রদান কৰে৷ অনুষ্ঠানত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱাৰ লগতে স্পাইছ জেটৰ মুখ্য বিপণন বিষয়া দেৱজু মহর্ষি অনুষ্ঠানত উপস্থিত থাকে৷