নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত ড্ৰাগছ-নগদ ধন জব্দ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ- মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ অভিযানত ৫জন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। ৰাজ্যত আৰক্ষী প্ৰশাসনৰ দ্বাৰা ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ চাৰিজন যুৱকক আজি আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ চেষ্টাত আৰু ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত বৰদলৈৰ নেতৃত্বত ডিগবৈ বন সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত চলোৱা তালাচী অভিযানত এ এছ ০১ এম ৭০৯১ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনেৰে দুলীয়াজানৰ দিশৰ পৰা ডিগবৈ অভিমুখে আহি থকাৰ অৱস্থাত আটকাধীন যুৱককেইজনৰ ওপৰত সন্দেহ ওপজাত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন যুৱকসহ ২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, নগদ ১ লাখ ১০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱককেইজন ক্ৰমে মাৰ্ঘেৰিটা ১নং মাকুম পথাৰৰ নয়ন হাজৰিকাৰ পুত্ৰ জিতু হাজৰিকা (৩২), স্বৰ্গীয় সুৰেন বৰাৰ পুত্ৰ অজিত বৰা (৩১), স্বৰ্গীয় অকণ সন্দিকৈৰ পুত্ৰ জিতু সন্দিকৈ (৩১) আৰু চৰাইদেউ জিলা আইদেউবাৰী বাগান গাঁৱৰ চৰাইদেউ নিৱাসী টিল বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰাজু ছেত্ৰী (৩৭)।

আটকাধীন যুৱককেইজনক ডিগবৈ আৰক্ষীয়ে জিম্মাত লৈ ২২/২২ নম্বৰত কেচ ৰুজু কৰি ২৩ বি এন ডি পি এছ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। আনহাতে কালি নিশা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস, মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু লিডুৰ নৱ নিযুক্ত উপ পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ খবৰ ভিত্তিত দিহিং চাহ বাগিচাৰ সমীপৰ কাৰ্বন ফেক্টৰীলৈ যোৱা পথৰ কাষৰ এখন দোকনত অভিযান চলাই আকাশ দত্ত নামৰ এজন ড্ৰাগছ ব্যৱসায়ী যুৱকক আটক কৰি থানালৈ লৈ আহে।

যুৱকজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এটা চিৰিঞ্জ, এটা মবাইল, ৭৩টা প্লাষ্টিক টেমা আৰু নগদ ২১, ৮৯০ টকা জব্দ কৰে। লগতে এ আৰ ১১ ৭৭৫১ নম্বৰৰ মাৰুতি ভান এখনো জব্দ কৰে আৰক্ষীয়ে। উল্লেখ যে ড্ৰাগছৰ বিৰুদ্ধ এনে অভিযানক সচেতন ৰাইজৰ আদৰণি জনাইছে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like