দলং ভাগি পানীত পৰিল গৰুসহ গো-পালক, সোণাৰি চাপৰি কেঁকুৰি পমুৱা পথত এই দুৰ্ঘটনা
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ সোণাৰি চাপৰি কেঁকুৰি পমুৱা পথত থকা কঁঠালগুৰিস্থিত দাংধৰা নদীৰ ওপৰৰ জৰাজীৰ্ণ কাঠৰ দলংখন ভাগি মানুহ-গৰু পৰে পানীত।
অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে উভয়ৰে। তথ্য মতে, আন দিনাৰ দৰেই আজি পুৱা এজন কৃষকে নিজৰ গৰু গাই লৈ দলংখনৰ ওপৰেৰে পাৰ হ’বলৈ দলংখনৰ মাজভাগত উপস্থিত হওঁতেই দলংখন জইজসহ মাজঅংশ পানীত খহি পৰাত মানুহ-গৰু আটায়ে পানীত পৰি যায়।
দলংখনৰ উক্ত অংশত ৬ কোটি টকা ব্যয় সাপেক্ষে এগৰাকী ঠিকাদাৰে এখন পকী দলং নিৰ্মাণ কৰি আছে যদিও ২০১৮ চনৰ পৰা আজিলৈকে দলং নিৰ্মাণৰ কাম ৫০ শতাংশও সম্পূৰ্ণ নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি গড়কাপ্টানী বিভাগকেই জগৰীয়া কৰি ঠিকাদাৰগৰাকীক ব্লেকলিষ্টেট কৰাৰো দাবী জনাইছে ৷
ঠিকাদাৰগৰাকীয়ে পকী দলং নিৰ্মাণৰ সময়ত এখন অতিৰিক্ত দলং নিৰ্মাণ কৰি নোলোৱাকৈ দলং নিৰ্মাণ কৰে যদিও জৰাজীৰ্ণ কাঠৰ দলংখনো সামান্য মেৰামতি নকৰাৰ বাবেই আজি এনে এক দুৰ্ঘটনা হ’বলৈ পালে বুলি জানিবলৈ দি বিহিত ব্যৱস্থাৰ দাবী জনাইছ ৷