নগাঁৱত দুই বাহনসহ ৪৭টা গৰু জব্দ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নগাঁও আৰক্ষীয়ে আজি জিলাখনৰ বাগৰিত অভিযান অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্ত্তি দুখন কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, উজনি অসমৰ বিহৰা বজাৰৰ পৰা নগাঁও জিলাৰ চামগুৰিৰ মোৱামাৰীলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰা গাড়ী দুখন জব্দ কৰাৰ লগতে ৪৭টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত অধীক্ষক ধ্ৰুৱ বৰাৰ তত্ত্বাৱধানত চলোৱা আৰক্ষীয়ে অভিযান চলাই এ এছ – ০১ – ই চি – ৬০০৭ আৰু এ এছ – ০২- ই – ৪৩৯১ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই সন্দৰ্ভত তিনিজন অবৈধ গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অবৈধ গৰু সৰবৰাহকাৰীকেইজন হল- চামগুৰিৰ থানাৰ অন্তৰ্গত বগামুৰৰ গুলজাৰ হুছেইন (১৮), ওৱাহিদুল ইছলাম (২০)আৰু মোৱামাৰীৰ আৰক্ষী চকীৰ অন্তৰ্গত চহিদুল্লা (২৮) । বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি বড়োৱে জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পম খেদি বাগৰি আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বাগৰিৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে গৰু সৰবৰাহ কৰা গাড়ী দুখন জব্দ কৰিবলৈ আৰক্ষী সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহকাৰীকেইজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ যে নগাঁও জিলাৰ মাজেৰে দীৰ্ঘদিন ধৰি চোৰাং গৰু সৰবৰাহ হৈ আহিছে ৷ শেহতীয়াভাৱে নগাঁও আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে আজি নগাঁও আৰক্ষীয়ে অভিযান চলাই বাগৰিত ৪৭টা গৰু জব্দ কৰাৰ লগতে দুখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰেৰক কনক হাজৰিকা