চৰাইবাহী মহাবিদ্যালয়ত সম্প্ৰসাৰণ আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত ইণ্ডাকশ্বন সভা সম্পন্ন
ডক্টৰেট লাভ কৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° বন্দনা বৰুৱাক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চৰাইবাহী মহাবিদ্যালয়ত আজি মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত আৰু মহাবিদ্যালয় আভ্যন্তৰীণ গুণগত মান নিৰ্ধাৰণ কোষ( IQAC )ৰ সহযোগত মহাবিদ্যালয় খনৰ নৱাগতা ছাত্ৰছাত্ৰী সকলক মহাবিদ্যালয়ত আকোঁৱালি লোৱাৰ উদ্দেশ্যে এখনি ইণ্ডাকশ্বন সভা অনুষ্ঠিত কৰে ৷ মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু সাংস্কৃতিক সমিতিৰ সমন্বয়ক বিৰেশ কুমাৰ ডেকাই আত ধৰা এই সভাখন সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে ৷
আনহাতে সভাৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ উচ্চবৰ্গ বিষয়া দেবেশ্বৰ বৰদলৈয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ক্ৰমে মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাধৰাম কাকতি আৰু মহাবিদ্যালয় আভ্যন্তৰীণ গুণগত মান নিৰ্ধাৰণ কোষৰ তত্ত্বাৱধায়ক ড° বিজয় কুমাৰ নাথে ৷
উল্লেখ যে এই সভাতে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° বন্দনা বৰুৱাই ডক্টৰেট লাভ কৰা বাবে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বৰ্তমান অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে জুনিয়ৰ জুবিন হিচাপে পৰিচয় লাভ কৰা চৰাইৱাহী মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ ছাত সঞ্জীৱ বৰাকো মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ মাজত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷