নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৱে গর্ভত স্থিতি লোৱাৰে পৰা মাতৃক অনুসৰণ কৰে

ধমধমাত গণেশ শর্মাক সম্বর্ধনা জনোৱা সভাত অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ জীৱাত্মা ৰূপে মানুহে পৃথিৱীত জন্মগ্রহণ কৰে৷ জীৱাত্মাৰূপী ভগৱানক নাৰীয়ে দহ মাহ দহ দিন গর্ভত ৰাখে৷ গর্ভস্থ শিশুটিয়ে স্থিতি লাভ কৰিবৰ দিনাৰে পৰা গর্ভৰ পৰা মাতৃগৰাকীৰ সকলো কাম–কাজ অনুসৰণ কৰে৷ –এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভানেত্রী মৃণালিনী দেৱীৰ৷ কালি অসম সাহিত্য সভাৰ আজীৱন সভ্য, ধমধমা আঞ্চলিক সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক, বিশিষ্ট কথাশিল্পী, কৃতী শিক্ষক গণেশ শর্মাক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ–সভানেত্রীগৰাকীয়্৷ ৰঙাফালি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক অৰুণ দাসে সঞ্চালনা কৰা অনুষ্ঠানটোত নলবাৰী কলেজৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক ড০ দীনমণি ভাগৱতীয়ে অভিনন্দন গ্রন্থ ‘হিৰণ্ময় সময়ৰ দস্তাবেজ’ উন্মোচন কৰি গ্রন্থৰ মহত্ত্ব অপৰিসীম বুলি মন্তব্য কৰি কয় যে এখন তথ্যসমৃদ্ধ ক্ষুদ্র গ্রন্থও আপুৰুগীয়া সম্পদ হিচাপে বিবেচিত হয়৷

অনুষ্ঠানটোত আধ্যাত্মিক গুৰু হেমভাই অতিথি হিচাপে উপস্থিত থাকি জ্ঞানতকৈ শ্রেষ্ঠ পৃথিৱীত একো নাই বুলি মন্তব্য কৰি কয় যে কোনো মূল্য নিদিয়াকৈ বা পৰিশ্রম নকৰাকৈ আনৰ পৰা কিবা লোৱা কার্যই অসমীয়া তথা ভাৰতীয় সংস্কৃতি বিনাশ কৰাৰ লগতে কর্মসংস্কৃতি বিনাশ কৰা বুজায়৷ নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ভুবনেশ্বৰ বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত কৃতী শিক্ষক গণেশ চন্দ্র শর্মাক অভিনন্দন গ্রন্থ সম্পাদনা সমিতিৰ লগতে ধমধমা আঞ্চলিক শাখা সাহিত্য সভা, ধমধমা আঞ্চলিক মহাবিদ্যালয়, ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধমধমা ছোৱালী হাইস্কুল, ধমধমা মহাবিদ্যালয়, ড০ ভূপেন হাজৰিকা ছায়েঞ্চ একাডেমী, শংকৰদেৱ শিশু বিদ্যা নিকেতন, ধমধমা এম ই বিদ্যা মন্দিৰকে আদি কৰি ভালেসংখ্যক অনুষ্ঠান–প্রতিষ্ঠান আৰু ব্যক্তিয়ে সম্বর্ধনা জনায়৷

You might also like