নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ আদৰ্শ বিদ্যালয় পৰিদৰ্শন শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই শুকুৰবাৰে চিৰাং জিলাৰ বড়োবজাৰ আৰু চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত বালামগুৰি আৰু ডোলোগাঁৱত নিৰ্মাণ হৈ থকা দুখন আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে।

ভ্ৰমণকালত অধ্যাপক মহন্তই চিদলীৰ স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিটিচিৰ পাৰিষদ মাধব চন্দ্ৰ চেত্ৰী, বিজনীৰ মহকুমাধিপতি ৰাহুল গুপ্তা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অবনী শৰ্মা আৰু স্থানীয় সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰি এই দুয়োখন বিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ লয়।

তেওঁ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক আন্তঃগাঁথনিমূলক কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এইবছৰৰ চলিত মাহৰ ভিতৰতেই শ্ৰেণী সমূহ আৰম্ভ কৰিব পাৰে।।
প্ৰেৰক:বিপুল কুমাৰ দাস

You might also like