নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন নদীৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ দাবীত চেঙাজানত ধৰ্ণা কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ ব্ৰহ্মপুত্ৰ, লালী, চিমেন নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ দাবীত আজি তিনি সহস্ৰাধিক নৈপৰীয়া জনগণই কঁপালে চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ পাৰ। গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চিচি-চিলাপথাৰ আৰু জোনাই জিলা সমিতিৰ উদ্যোগত, চেঙাজান, মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত ব্ৰহ্মপুত্ৰ, লালী, চিমেন আদি নদীৰ স্থায়ী প্ৰতিৰোধৰ দাবীত আজি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। দিনৰ ১১ বজাৰ পৰা চেঙাজান গোৱালা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত তিনি সহস্ৰাধিক নৈপৰীয়া ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কৰা ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদী ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ “ব্ৰহ্মপুত্ৰৰ বান-খহনীয়া নিয়ন্ত্ৰণ কৰক”,”চিমেন নদীৰ খহনীয়া প্ৰতিৰোধ কৰক”,”লালী নদীৰ বানপানী-খহনীয়া নিয়ন্ত্ৰণ কৰক”, “আমাৰ দাবী ন্যায্য দাবী” আদি শ্লোগান আওৰাই চেঙাজানৰ ব্ৰহ্মপুত্ৰৰ পাৰ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্য্যসূচীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰীয়ে কয়- কেইবাটাও দশক ধৰি ব্ৰহ্মপুত্ৰ, লালী, চিমেন নদীৰ বান-খহনীয়াৰ ফলত চেঙাজান অঞ্চলৰ ডেৰ কুৰিৰো অধিক গাঁও, বদলপুৰ, গালিঘাট, বৰং, চেঙাজান অঞ্চলৰ কেইবাখনো কৃষিজীৱী গাঁও নদীৰ বুকুত জাহ গৈছে বুলি উল্লেখ কৰি নদীসমূহৰ বান-খহনীয়াৰ কবলত পৰি নৈপৰীয়া অঞ্চলসমূহৰ ৰাইজৰ ঘৰ-ভেটি, কৃষিভূমি সম্পূৰ্ণ বিধ্বস্ত হৈ পৰাৰ অনেক বানাক্ৰান্ত আৰু খহনীয়াগ্ৰস্ত পৰিয়ালৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থাত আছে বুলি কৈ কোনো এখন চৰকাৰে অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ সঠিক ৰূপৰেখা নিৰূপণ কৰি স্থায়ী প্ৰতিৰোধৰ প্ৰকল্প হাতত লোৱা নাই বুলি প্ৰতিবাদী ৰাইজৰ আগত বক্তব্য দাঙি ধৰে।

ধৰ্ণা কাৰ্য্যসূচীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চিচি-চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে,জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাঙে কয়- বছৰি পাঁচ হাজাৰ টকা আবন্টন দিয়াৰ ঘোষণা কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা অসম চৰকাৰে অসমৰ বান-খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ ব্যৱস্থা হাতত ল’বই লাগিব বুলি হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্য্যসূচীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ অধ্যক্ষ জিতেন বড়ো,সহকাৰী সাধাৰণ সম্পাদক ৰবীন বড়ো,চিচি-চিলাপথাৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিভাষ হাজং, চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমচা বসুমতাৰী, সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ, মাজৰবাৰী আঞ্চলিক সমিতিৰ সভাপতি সন্তোষ সৰকাৰ, সাধাৰণ সম্পাদক ডেভিদ দ্বাৰিক প্ৰমুখ্যে বহুসংখ্যক নেতা উপস্থিত থাকে ।

উল্লেখ্য যে জোনাই সমষ্টিৰ চিমেনমুখ গাঁও পঞ্চায়তৰ বৃহত্তৰ চেঙাজান, মাজৰবাৰী অঞ্চলটো আজিও সৰ্বদিশতে পিছপৰা আৰু অনগ্ৰহতাৰ গ্ৰাসত। দশক দশক ধৰি অনগ্ৰসতাৰ কবলত থকা আৰু চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা বৃহত্তৰ চেঙাজান,মাজৰবাৰী অঞ্চলত প্ৰতিবছৰে ব্ৰহ্মপুত্ৰ আৰু চিমেন নদীৰ বান-খহনীয়াই জলাকলা খুৱাই আহিছে।

স্বাধীনতাৰ সাতটা দশকৰ পিছতো কোনো এটা ৰাজনৈতিক দলৰ কোনো এখন চৰকাৰে জোনাই সমষ্টিৰ অন্তৰ্গত জোনাই মহকুমা আৰু চিমেনমুখ গাঁও পঞ্চায়তৰ ব্ৰহ্মপুত্ৰ, লালী নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে কোনো এখন চৰকাৰে বিজ্ঞানসন্মত দীৰ্ঘম্যাদী আৰু শক্তিশালী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ নকৰাৰ ফলত জোনাই মহকুমাৰ সীমামূৰীয়া চেঙাজান, মাজৰবাৰী অঞ্চলৰ লেম্ব চাপৰি, ১নং বৰগাঁও, ২নং বৰগাঁও, ৩নং বৰগাঁও, ৬নং বৰগাঁও, কেডি গাঁও, চেঙাজান হাজং, চেঙাজান বিহাৰী, নেউলাপাৰা, এল অ চি বাঙালী, সন্থাপাৰা,চেঙাজান বালিগাঁও,মঙ্গলবৰীয়া, লক্ষ্মীসুঁতি, লাডাংগুৰি আদি কুৰিখনৰো অধিক কৃষিজীৱী গাঁও দুটা দশকৰ পৰা নদীকেইখনৰ বুকুত বিলীন গৈছে।

প্ৰেৰক কৰবী দলে

You might also like