চিৰাঙৰ চিকিৎসালয় কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা
নিয়মীয়া বাৰ্তা, অক্টোবৰ: চিৰাং জিলা প্ৰশাসনে আজি এখন ব্যক্তিগত চিকিৎসালয় চৌহদ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। জিলা খনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰিস্থিত চেন্ট আগষ্টিন চিকিৎসালয়ত কৰ্মৰত কেইবাগৰাকী নাৰ্চ আৰু অন্যান্য কৰ্মচাৰীৰ কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে এক নিৰ্দেশনাৰ জৰিয়তে আজিৰে পৰা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত চিকিৎসালয় চৌহদক কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। উপায়ুক্তৰ নিৰ্দেশ মৰ্মে চিদলী ৰাজহ চক্ৰ বিষয়াই আজি দিনৰ ১০ বজাৰ পৰা অনিৰ্দিষ্ট সময়লৈ চেন্ট আগষ্টিন চিকিৎসালয়ৰ চৌহদত জনসাধাৰণৰ লগতে সকলো প্ৰকাৰৰ যানবাহানৰ আহযাহত নিষিদ্ধ কৰি ফলক আৰি দিছে। চিকিৎসালয়ৰ ভিতৰত থকা লোক সকলৰ উপৰিও নাৰ্চ তথা অন্যান্য কৰ্মচাৰীৰ আৱাসী সকলকো বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। উক্ত কনটেইনমেন্ট জ’নত নিষেধাজ্ঞা অমান্য কৰি প্ৰৱেশ অথবা প্ৰস্থান কৰা লোক সকলৰ বিৰুদ্ধে আইন মতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। লক্ষ্যনিয়ভাবে জিলা খনত দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ এদিন পাছতে আজি জিলা স্বাস্থ্য বিভাগে যোৱা ৪৮ ঘন্টাত ৪৫ জন ব্যক্তিক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি সংবাদ মাধ্যমক জনাইছে। অৱশ্যে আটাইৰে ৰেপিড টেষ্টত পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলিও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে । বিগত কেইবা সপ্তাহৰ পাছত আজি হঠাতে জিলা খনৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত কেইবাগৰাকী নাৰ্চ আৰু অন্যান্য কৰ্মচাৰী কোভিড আক্ৰান্ত হোৱাত চিকিৎসালয় চৌহদক কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা আৰু ৪৮ ঘন্টাৰ ভিতৰত জিলা খনৰ ৪৫ জন ব্যক্তিক কোভিড আক্ৰান্ত বুলি নিশ্চিত হোৱাত জিলা খনত সামাজিক সংক্ৰমনৰ আশংকা কৰা হৈছে। উল্লেখ্য যে চেন্ট আগষ্টিন চিকিৎসালয়ৰ আক্ৰান্ত সকলৰ অধিকাংশই চিকিৎসালয়ত প্ৰশিক্ষণৰত শিক্ষাৰ্থী নাৰ্চ বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। সচেতন ৰাইজে সকলোকে কোভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে নিৰ্দিষ্ট কৰি নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাইছে।