চিৰাং বন বিভাগৰ অভিযানত ৩ বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ী আটক, ৩ খন বাহন জব্দ
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: চিৰাং জিলা বন বিভাগে আজি বন্য প্ৰাণীৰ অবৈধ সৰবৰাহত জড়িত এটি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৩ জন ব্যক্তিক আটক কৰে। আটক কৰা লোক কেইজনৰ জিম্মাৰ পৰা এটা বন-ৰৌ উদ্ধাৰ কৰাৰ লগতে এখন স্কুটী, এখন ব’লেৰো আৰু এখন আই টেন বাহন জব্দ কৰে।
চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে নিয়মীয়া বাৰ্তাক জানিবলৈ দিয়া মতে সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ তথ্যৰ আধাৰত চিৰাং চিৰাং বন বিভাগৰ বন সুৰক্ষা বাহিনীৰ এটি অভিযানকাৰী দলে অসামৰিক পোচাক পৰিধান কৰি বন্য প্ৰাণী ক্ৰয় কৰা গ্ৰাহকৰ বেশত চক্ৰটোৰ সৈতে যোগাযোগ কৰে।
বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ৰে জড়িত চক্ৰটোৰ তথ্যৰ আধাৰত বন বিভাগৰ অভিযানকাৰী দলে কাৰিগাঁওৰ এঠাইত উপস্থিত হৈ দৰ-দাম কৰি বন-ৰৌটো চাবলৈ বিচাৰে। দুই কোটি টকা দাম নিৰ্ধাৰণ কৰা চোৰাং কাৰবাৰী সকলে বন-ৰৌটো দেখুওৱা মাত্ৰেই লোক তিনিজনক আটক কৰি বন বিভাগে নিজৰ জিম্মাত লয়। তদন্তৰ স্বাৰ্থত সবিশেষ প্ৰকাশৰ পৰা বিৰত থকাৰ লগতে অধিক তথ্যৰ বাবে আটক কৰা লোক কেইজনক চিৰাং বন বিভাগে সোধা-পোছা অব্যাহত ৰাখিছে বুলি বন প্ৰাধিকাৰী পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।