নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ চিৰাং জিলাৰ লুংচুং সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই বন ধবংস কৰি বনভূমিক কৃষিভূমিত পৰিণত কৰা বেদখলকাৰীক আঁতৰাবলৈ আজি পুনৰ অভিযান চলায়৷ ৰুণিখাটা ৰেঞ্জৰ অধীনত থকা পাতালচানা সংৰক্ষিত বনাঞ্চলত দীর্ঘদিনৰ পৰা বহুসংখ্যক লোকে মূল্যৱান গছ–গছনি কাটি তহিলং কৰাৰ উপৰি বেদখল কৰা বনভূমি চহাই শস্য উৎপাদন কৰা খেতি পথাৰত পৰিণত কৰিছে৷ এসময়ৰ ঘন বনাঞ্চল হিচাপে চিহ্ণিত এই স্থান সহস্রাধিকৰ বসতিস্থানলৈ ৰূপান্তৰ হৈছে৷ সংবাদ মাধ্যমত বাৰম্বাৰ বেদখলৰ বাতৰি প্রচাৰ হোৱাৰ পাছতে বন বিভাগে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ আজি উক্ত স্থানত অভিযান চলাই জিলা প্রশাসন আৰু বন বিভাগে শতাধিক ঘৰ উচ্ছেদ কৰিছে৷ এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি চিৰাং জিলা বন বিভাগৰ সূত্রই প্রকাশ কৰাৰ লগতে ৫০০ পৰিয়ালতকৈ অধিক লোকক উচ্ছেদ কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে বুলিও জনায়৷ বন বিভাগৰ ভূমি বেদখল কৰাসকলক সম্পূর্ণভাৱে উচ্ছেদ নকৰা পর্যন্ত বন বিভাগে অভিযান অব্যাহত ৰাখিব বুলি প্রকাশ৷