নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী কুকলুং ৰেঞ্জত ভালুক উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ  চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী কুকলুং ৰেঞ্জৰ অন্তৰ্গত ১ নং দংশিয়াপাৰাত ভালুক উদ্ধাৰ । চাৰিদিন ধৰি উক্ত অঞ্চলত মুক্ত বিচৰণ কৰি থকা ভালুকটো আজি বন বিভাগৰ চিকিৎসকে ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰে।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ভালুকটো উক্ত অঞ্চলৰ কৃষকৰ কল, বেঙেনা আদি খাই তহিলং কৰাৰ লগতে আতংকৰ সৃষ্টি কৰি আহিছিল।বন বিভাগৰ লোকৰ চাৰিদিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আজি ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।ভালুক উদ্ধাৰ অভিযানত বনকৰ্মী, আৰক্ষী, এছ এছ বি আদিয়ে সহযোগিতা আগবঢ়াইছিল। জানিব পৰা মতে ভালুকটোৰ সোঁ ভৰিত কাঁৰ লাগি থকাৰ বাবে আঘাতপ্ৰাপ্ত হৈ আছিল। পাছত বন বিভাগৰ চিকিৎসকে ভৰিৰ পৰা কাঁৰডাল উলিয়াই চিকিৎসা কৰাৰ লগতে ভালুকটোক পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়াৰ বাবে লৈ যায়।

You might also like