মৰিগাঁৱৰ মাণিপুৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীষী উপবনৰ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কেম্পা আঁচনিৰ অধীনত মৰিগাঁৱৰ মাণিপুৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীষী উপবনৰ শুভ উদ্বোধন কৰে। এই উদ্যানখনে স্থানীয় উদ্ভিদ আৰু বিভিন্ন ঔষধি গছ সংৰক্ষণ কৰাৰ উপৰিও অঞ্চলটোৰ পৰ্যটনক গতিশীলতা প্ৰদান কৰিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এটি গছপুলি ৰোপণ কৰে আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সাংবাদিকসকলৰ মাজত গছপুলি বিতৰণ কৰে।
লগতে মুখ্যমন্ত্ৰী সোণোৱালে মৰিগাঁৱৰ চাৰণ বিলৰ পাৰত নিৰ্মাণ হ’বলগীয়া মধ্য অসম মণ্ডলৰ কাৰ্যালয়, মীন প্ৰশিক্ষণ কেন্দ্ৰ আৰু অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পীযুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে।