নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰা এটা বিভাগ বিলাসীপাৰা জনস্বাস্থ্য আৰু কাৰীকৰি বিভাগ

নিয়মীয়া বাৰ্তা, 8 নৱেম্বৰঃ ধুবুৰী জিলাৰ চাপৰ ফলিমাৰী গাওঁ পঞ্চায়তত “জল জীৱন আঁচনি”ত নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। বিলাসীপাৰা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ ওপৰত ক্ষোভ ফলিমাৰি গাওঁ পঞ্চায়তৰ গঞা ৰাইজৰ। নাম মাত্ৰ পানীৰ পাইপ পুতি চৰকাৰী ধন হৰলুকি কৰাৰ অভিসন্ধি ঠিকাদাৰৰ ওপৰত।

পানীয়ে প্ৰাণ । সেই উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত নতুনকৈ “জল জীৱন আঁচনি”ৰ কাম আৰম্ভ কৰিছে। কিন্তু আঁচনিটো আৰম্ভ হোৱাৰ লগে লগে একাংশ ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি আঁচনিৰ ধন হৰলুকিৰ অভিসন্ধি কৰিছে। অভিযোগ মৰ্মে ফলিমাৰী গাওঁ পঞ্চায়তত জল জীৱন আচঁনিৰ ঠিকাদাৰে মুখ্য পাইপটো চৰকাৰী নিৰ্দেশ মৰ্মে পুতিব লাগিছিল ৩ ফুট কিন্তু ঠিকাদাৰ গৰাকীয়ে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই আধা ফুটৰ পৰা ১ ফুট মান হে গাঁত খান্দি মুখ্য পাইপ ডাল পুতি থৈ দিয়ে ।

আনকি কোনো কোনো ঠাইত গাঁত খন্দা তো দূৰৰে কথা মাটিৰ ওপৰেদিয়ে সংযোগ কৰি গৈছে মুখ্য পাইপ ডাল। যাৰ ফলত ফলিমাৰি গাওঁ পঞ্চায়ত খনত “জল জীৱন আচঁনীৰ” আৰম্ভণি নৌহওঁতেই ফাটি গৈছে পানীৰ পাইপ সমুহ, উপায়ন্তৰ হৈ গঞা ৰাইজ ওলাই আহি বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে লৈছে প্ৰতিবাদ।বিলাসীপাৰা জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ চৰম হেমাহি আৰু বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্তৰ সুযোগ গ্ৰহণ কৰি আঁচনিটোক ধন ঘটোৱাৰ আঁচনিলৈ ৰূপান্তৰিত কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। অভিযোগ মৰ্মে বিলাসীপাৰা সংমণ্ডলৰ জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ফলিমাৰী গাঁওৰ ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যে প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে। কিন্তু অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আমাৰ এই প্ৰতিবেদনৰ পিছত বিলাসীপাৰা জনস্বাস্থ্য আৰু কাৰীকৰি বিভাগৰ উৰ্দ্ধতম বিষয়া কৰ্মচাৰী সকলে বিভাগটোৰ ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়া হ’ব লক্ষ্যণীয়।

You might also like