কয়লা কেলেংকাৰী: পৰিবহন বিভাগৰ আন কর্মী স্বপন গুহক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা,২১ অক্টোবৰ : দিগৰখাল গেট হৈ কয়লাৰ অবৈধ পৰিবহনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা কাছাৰ আৰক্ষীয়ে আন এগৰাকী কৰ্মীক বৃহস্পতিবাৰে গ্রেফতাৰ কৰিছে। কাছাৰ আৰক্ষীয়ে এনফোৰ্চমেন্ট চেকাৰ স্বপন গুহক গ্রেপ্তাৰ কৰিছে । অভিযোগ স্বপন গুহ কয়লা চোৰাং ব্যৱসায়ৰ ছিন্ডিকেটৰ সৈতে জড়িত অন্যতম মাস্টাৰমাইন্ড। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ পিছতেই তেওঁ পলাতক আছিল। পিছত কালি ৰাতি আৰক্ষীয়ে তেওঁক মাতি পঠায় । ডিএছপি সদৰ কল্যাণ কুমাৰ দাসে গোচৰটো তদন্ত কৰিছে। ৰাতি দীৰ্ঘ সময় গুহক সোধপুছ কৰাৰ পিছত গুহক আজি বিয়লি গ্রেপ্তাৰ কৰে । আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে কয় , কয়লা কেলেঙ্কাৰীত গুহৰ জড়িত থকাৰ বিষয়ে পর্যাপ্ত প্রমাণ পোৱা গৈছে । ইয়াৰ পাছতেই তেওঁক গ্রেপ্তাৰ কৰা হৈছে।