নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিদ্যালয় পর্যায়লৈ যাব ৰাজ্যৰ মহাবিদ্যালয়

২০৩৪ চনৰ ভিতৰত এখন এখনকৈ কলেজৰ উত্তৰণ ঘটোৱাৰ লক্ষ্য ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ‘নগাঁও মহাবিদ্যালয়ক স্বায়ত্তশাসিতৰ মর্যাদা প্রদান কৰাটো আমাৰ বাবে অতি সুখৰ খবৰ৷ মই ভাবোঁ– এয়া মধ্য অসম আৰু নগাঁৱৰ বৌদ্ধিক মহলৰ বাবে অত্যন্ত আনন্দৰ বাতৰি৷ ইয়াৰ বাবে মই নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালবর্গক কৃতজ্ঞতা জনাইছোঁ৷’– এই মন্তব্য শিক্ষা, স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি নিশা নগাঁও মহাবিদ্যালয়ৰ কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্রী ড০ শর্মাই কয়– ‘উৎকৃষ্ট মান আৰু আন্তঃগাঁথনি– এই দুয়োটা দিশতে নগাঁও মহাবিদ্যালয়ে সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে৷ তাৰ পৰিপ্রেক্ষিতত এক সুন্দৰ কৃতিত্ব নগাঁও মহাবিদ্যালয়ে লাভ কৰিছে৷ এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়৷ আজি নগাঁও মহাবিদ্যালয়ে মোক মাতি আনি এই আনন্দৰ মুহূর্তত মহাবিদ্যালয়খনৰ পৰিয়ালৰ লগত একেলগে সাক্ষী হৈ থকাৰ যি সুবিধা দিলে, তাৰ বাবে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷’

ড০ শর্মাই লগতে কয়– ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত আমি ২০৩৪ চনৰ ভিতৰত অসমৰ এখন এখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পর্যায়লৈ লৈ যাব লাগিব৷ নগাঁও মহাবিদ্যালয়ৰ এই যাত্রাই আমাক বহুখিনি সুবিধা দিব৷ তেওঁ মহাবিদ্যালয়ৰ কর্তৃপক্ষক নগাঁৱৰ আশে–পাশে মহাবিদ্যালয়খনৰ বাবে কিছু ভূমি সংৰক্ষণ কৰাৰ বাবে পৰামর্শ দি কয়– এইটো কৰিব পাৰিলে ভাল হ’ব৷ কাৰণ মই জানো যে নগাঁও মহাবিদ্যালয়ৰ ভৱিষ্যৎ অতিকৈ উজ্জ্বল৷ সেই উজ্জ্বল ভৱিষ্যতৰ বাবে আমি যদি আগবাঢ়ি যাব লাগে, তেন্তে আৰু কিছু ভূমিৰ প্রয়োজন হ’ব৷ এই ক্ষেত্রত মই নগাঁৱৰ বিধায়ক ৰূপক শর্মাক মহাবিদ্যালয় পৰিয়ালৰ লগত কাম কৰিবলৈ পৰামর্শ আগবঢ়াইছোঁ৷ মন্ত্রীগৰাকীয়ে কালি নিশা মহাবিদ্যালয়খনৰ জনজাতীয় ছাত্রী নিৱাস আৰু মহাবিদ্যালয়ৰ ঐতিহ্য বহন কৰিব পৰা ঐতিহ্যমণ্ডিত ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নগাঁও মহাবিদ্যালয় স্বায়ত্তশাসিত হোৱাৰ পৰিপ্রেক্ষিতত পৰীক্ষাৰ বাবে নির্মাণ কৰা পৰীক্ষা নিয়ন্ত্রণ ভৱন মুকলি কৰে৷ এই উপলক্ষে অনুষ্ঠিত অতি চমু অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীকে ধৰি অধ্যাপক–ধ্যাপিকা, ছাত্র–ছাত্রীসকল উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্রীগৰাকীক মহাবিদ্যালয় কর্তৃপক্ষ আৰু ছাত্র একতা সভাই উষ্ম আদৰণি জনায়৷

You might also like